ডাউনলোড
মোবাইল এপ

android apple
signal

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাৰিয়ানাৰ হিছাৰ বিমান বন্দৰৰ ২ নম্বৰ টার্মিনেল ভৱনৰ আধাৰশিলা স্থাপন

এদিনীয়া ভ্রমণসূচীৰে হাৰিয়ানা ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ হিছাৰ বিমান বন্দৰৰ ২ নম্বৰ টার্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰে। তেওঁ হিছাৰৰ পৰা অযোধ্যালৈ চলাচল কৰিবলগীয়া বাণিজ্যিক বিমান সেৱাৰো পতাকা জোকাৰি শুভাৰম্ভ কৰে। হিছাৰত ৪১০ কোটিৰো অধিক টকাৰ ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া নতুন টার্মিনেল প্ৰকল্পত যাত্ৰীসকলৰ বাবে অত্যাধুনিক সা-সুবিধা থকাৰ উপৰি সা-সামগ্ৰী ৰখাৰ ব্যৱস্থা আৰু এটা এয়াৰ ট্ৰেফিক নিয়ন্ত্ৰণ ভৱন থাকিব। এই উপলক্ষে অনুষ্ঠিত এখন জনসভাত ভাষণ দি প্রধানমন্ত্রীয়ে বিস্তৃত বিকাশৰ বাবে থকা বিজেপিৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। তেওঁ কয় যে হাৰিয়ানাৰ দলিত, দৰিদ্ৰ আৰু পিছপৰা সম্প্রদায় সমূহৰ দ্রুতবিকাশৰ বাবে বিজেপিয়ে কাম কৰি আছে। আজি সংবিধান প্রণেতা বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰৰ জয়ন্তী। প্রধানমন্ত্ৰীয়ে ড০ আম্বেদকাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে আম্বেদকাৰৰ জয়ন্তী সমাজৰ দলিত আৰু পিছপৰা শ্ৰেণীৰ বাবে দীপাৱলী হিচাপে বিবেচিত হৈছে। বাবা চাহেবৰ মন্ত্ৰৰে দীক্ষিত হৈ শ্ৰীকৃষ্ণৰ ভূমিৰ পৰা শ্ৰীৰামচন্দ্ৰৰ অযোধ্যালৈ বিমান সেৱাৰ শুভাৰম্ভ কৰা হৈছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। প্রধানমন্ত্রীয়ে কয় যে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত হাৰিয়ানাই আন্তৰিকতাৰে কাম কৰি থকাৰ কথাই তেওঁক গৌৰাৱান্বিত কৰি তুলিছে। ভাৰতত ২০১৪ চনৰ পূৰ্বে মাত্র ৭৪ টা বিমান বন্দৰহে আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এই সংখ্যাই এতিয়া ১৫০ অতিক্ৰম কৰিছে। হাজাৰ হাজাৰ ভাৰতীয়ক প্ৰথমবাৰৰ বাবে বিমান ভ্ৰমণৰ আনন্দ দিয়া কেন্দ্ৰৰ উড়ান আঁচনিৰ সাফল্যতো প্রধানমন্ত্রীয়ে আলোকপাত কৰে ।অনুষ্ঠানৰ ভাষণ দি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীয়ে কয় যে আজি শুভাৰম্ভ হোৱা বিমান সেৱাই অঞ্চলটোৰ বাণিজ্য, পর্যটন আৰু বিনিয়োগৰ ক্ষেত্ৰখনক লাভান্বিত কৰিব। প্রধানমন্ত্ৰীয়ে আজি ৰাজ্যখনৰ যমুনা নগৰত এহেজাৰ কোটিৰো অধিক টকাৰ ব্যয় সাপেক্ষ ৮০০ মেগাৱাট শক্তিসম্পন্ন দীনবন্ধু চোটুৰাম তাপবিদ্যুৎ প্রকল্প, মুকাৰাবপুৰৰ জৈৱ গেছ প্ৰকল্প আৰু ভাৰত মালা প্ৰকল্পৰ অধীনত ১৪ কিলোমিটাৰৰো বেছি দৈৰ্ঘ্যৰ ৰেৱাৰী বাইপাছ প্রকল্পকে ধৰি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে আয়োজিত জনসভাতো তেওঁ ভাষণ দিব।

অধিক পঢ়ক

সকলো চাওক