ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্ৰী মোদীক মিত্ৰা বিভূষণা বঁটাৰে সন্মানিত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলম্বোেত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিচ্চানায়কেৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এই বৈঠকৰ জৰিয়তে চুবুৰীয়া দেশদুখনৰ মাজত কৌশলগত উন্নয়নমূলক মিত্ৰতা ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে। দুয়োগৰাকী নেতাৰ উপস্থিতিত প্ৰতিৰক্ষা আৰু শক্তিকে ধৰি বিভিন্ন খণ্ডত কেইবাখনো চুক্তি স্বাক্ষৰিত হয়। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক মিত্ৰা বিভূষণা বঁটাৰে সন্মানিত কৰে। এখন সংবাদ মেলত প্রধানমন্ত্রীয়ে কয় যে এয়া কেৱল তেওঁৰ প্ৰতি আগবঢ়োৱা সন্মান নহয়। বঞ্চ ১৪০ কোটি ভাৰতীয়ৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে বুলি শ্ৰীমোদীয়ে মত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে দেশদুখনৰ জনসাধাৰণৰ মাজৰ গভীৰ মিত্ৰতা তথা ঐতিহাসিক সম্পৰ্ক ইয়াৰ জৰিয়তে প্ৰতিফলিত হোৱা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি, শ্ৰীলংকাৰ চৰকাৰ তথা দেশখনৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত আৰু শ্ৰীলংকাৰ মিত্ৰতা অতি নীবিড়। দুয়োখন চুবুৰীয়া দেশ গভীৰ ঐতিহাসিক, ধৰ্মীয় আৰু সাংস্কৃতিক এনাজৰীৰে পুৰণি কালৰে পৰাই বান্ধখাই আছে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে উমৈহতীয়া প্ৰমূল্য, শ্রদ্ধা তথা স্বাৰ্থৰ ভিত্তিত এনে দীর্ঘদিনীয়া সম্পর্কসমূহ প্রতিষ্ঠিত হয়।

আজি পুৱাৰ ভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কলম্বোৰ ইণ্ডিপেণ্ডেণ্ট স্কুৱেৰত বিশেষ অনুষ্ঠানেৰে আদৰণি জনোৱা হয়। শ্রীলংকা ভ্ৰমণৰত কোনো বিদেশৰ নেতাক আদৰণি জনাবলৈ প্ৰথমবাৰৰ বাবে দেশখনত এনে অনুষ্ঠানৰ আয়োজন কৰাৰ পৰিপ্ৰেক্ষিতত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এয়া বিশেষ বুলি অভিহিত কৰিছে। ২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবেলি চতুৰ্থবাৰলৈ দেশখন ভ্ৰমণ কৰিছে। দিচ্চা নায়কে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া শ্রীমোদীৰ প্ৰথমটো শ্রীলংকা ভ্রমণ। শ্রীমোদী কালি নিশা কলম্বোত উপস্থিত হোৱাৰ পাছত শ্ৰীলংকাৰ কেইবাগৰাকীও শীৰ্ষ মন্ত্ৰীয়ে বিমান বন্দৰত তেওঁক আদৰণি জনায়।

অধিক পঢ়ক

সকলো চাওক