ডাউনলোড
মোবাইল এপ

android apple
signal

পাকিস্তানত ৯টা সন্ত্ৰাসবাদীৰ ঘাটিত চলোৱা আক্ৰমণত ১০০জনৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে : ৰাজীৱ ঘাই

শেহতীয়াকৈ ভাৰতে পাকিস্তান তথা পাক অধিকৃত জম্মু-কাশ্মীৰ ৯টা সন্ত্ৰাসবাদীৰ ঘাটিত চলোৱা আক্ৰমণত ১০০ জনৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে আৰু এই আক্ৰমণত নিহতৰ তালিকাত ইউছুফ আজাহাৰ, আব্দুল মালিক ৰৌফ আৰু মুদাচ্ছিৰ আহমেদৰ দৰে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীও আছে। ভাৰতৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে কালি অপাৰেচন সিন্দূৰ সন্দৰ্ভত নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ মন্তব্য কৰে যে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনিক ধ্বংস কৰাৰ উদ্দেশে ভাৰতে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল আৰু এই অভিযানৰ জৰিয়তে সীমান্তৰ সিপাৰত থকা সন্ত্ৰাসবাদী ঘাটিসমূহৰ মানচিত্র চিহ্নিত কৰাৰ লগতে সন্ত্ৰাসবাদী শিবিৰসমূহো চিনাক্ত কৰা হয়। ভাৰতে অসামৰিক লোকক এই অভিযানত লক্ষ্য কৰি লোৱা নাছিল যদিও পাকিস্তানে বিমানযাত্ৰী অসামৰিক লোকক ঢাল হিচাপে ব্যৱহাৰ কৰা বুলি তেওঁ অভিযোগ কৰে। লগতে ভাৰতে পাকিস্তানৰ কোনো সামৰিক ঘাটিক লক্ষ্য নকৰিলেও ভাৰতীয় সেনাৰ ছাউনী ধ্বংস কৰা পাকিস্তানৰ লক্ষ্য আছিল বুলি লেফটেনেণ্ট জেনেৰেলগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক