ডাউনলোড
মোবাইল এপ

android apple
signal

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি

পৰহিলৈ হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে আজি প্ৰচাৰ অভিযানৰ আজি বিয়লি ৩ বজাত সামৰণি পৰিছে। প্রথম পৰ্যায়ত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত ভোটগ্রহণ হ’ব।
মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰাৰ ৰংজুলি সাৰাপাৰাত এন ডি এ মিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলায়। তেওঁ আজি বৰপেটা জিলাৰ নগাঁও আৰু নলবাৰীৰ চামতাত আয়োজিত প্ৰচাৰ সভাত ভাগ লয়।
কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে আজি তিনিচুকীয়া জিলাৰ পানীতোলা গাঁৱত আৰু ডিব্ৰুগড় জিলাৰ মানকটা খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয়। জনসাধাৰণৰ সৰ্বাংগীণ উন্নয়নৰ বাবে পৰহিলৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোটদান কৰিবলৈ তেওঁ আহ্বান জনায়।
মন্ত্ৰী কেশৱ মহন্তই আজি সোণাই সমষ্টিৰ কচু দৰঙত প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। একেদৰে মন্ত্ৰী ডা০ ৰণোজ পেগুৱে ধেমাজি বিধানসভা সমষ্টিৰ লটাক গাঁও পঞ্চায়ত প্ৰচাৰ চলায়।
ইপিনে, বিৰোধী দলৰ কেইবাগৰাকী নেতায়েও ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰচাৰ চলায়। কংগ্ৰেছৰ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই আজি হোজাই জিলাৰ বিনাকান্দিত আয়োজিত প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। ইয়াৰ আগেয়ে তেওঁ বিহপুৰীয়াতো দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। দলৰ নেতা ৰিপুণ বৰা আৰু মীৰা বৰঠাকুৰেও আজি প্ৰচাৰ সভাত অংশ লৈ অন্তিমবাৰৰ বাবে ভোটদাতাক আকৰ্ষণৰ বাবে চেষ্টা চলায়। কংগ্ৰেছ দলৰ নেতা প্ৰদ্যুৎ বৰদলৈয়েও নগাঁৱত নিৰ্বাচনী প্ৰচাৰত অংশ লয়।
শিৱসাগৰ নগৰৰ সমীপৰ বেটবাৰীত আজি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দলটোৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায়।

অধিক পঢ়ক

সকলো চাওক