● বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১২ খন জিলাৰ ৩ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। গোৱালপাৰা, লখিমপুৰ, গহপুৰ, নগাঁৱৰ কামপুৰ, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। গুৱাহাটী মহানগৰীৰ বান পৰিস্থিতি কিছু শাম কাটিছে যদিও কেইবাটাও অঞ্চল এতিয়াও জলমগ্ন হৈ আছে। কামৰূপ জিলাৰ বকোত মেঘালয়ৰ পানীয়ে বানৰ সৃষ্টি কৰিছে। মেঘালয়ৰ পৰা নামি অহা পানীয়ে শিঙৰা সংৰক্ষিত বনাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ খহাই নিয়াৰ ফলত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। প্ৰচুৰ বৃষ্টিপাতৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ জীৱন আৰু সম্পত্তি সুৰক্ষাৰ গোৱালপাৰা জিলা প্রশাসন ২৪ ঘণ্টাই সষ্টম হৈ আছে। নৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্রশাসনে কেতবোৰ সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।
অন্যান্য জিলাসমূহৰ লগতে লখিমপুৰৰ কেইবাটাও প্ৰান্তত বানৰ প্ৰকোপ পৰিলক্ষিত হৈছে। নীপকোৱে ৰঙানদীৰ পানী এৰি দিয়াৰ ফলত লখিমপুৰৰ বিস্তীর্ণ অঞ্চল বাঢ়নী পানীয়ে বুৰাইছে। বাঢ়নী পানীৰ ফলত ৪ ঠাইত ৰঙানদীৰ মথাউৰি ছিগিছে আৰু দুজন লোকে প্ৰাণ হেৰুৱাইছে। বানৰ ফলত ভালেসংখ্যক লোকৰ বাসগৃহৰ ক্ষতি হৈছে আৰু পথ যোগাযোগো ব্যাহত হৈছে। নাওবৈচাৰ পেৰাভাৰী, বান্তো, ডিজু পথাৰ আদিকে ধৰি ৩০ খন গাঁও জলমগ্ন হৈ পৰিছে। ডিব্ৰুং নদীৰ বাঢ়নী পানীত পার্শ্বৱৰ্তী এলেকাসমূহ জলমগ্ন হৈ পৰিছে।
বছৰটোৰ প্ৰথমটো বানত নগাঁৱৰ কামপুৰ ৰাজহ চক্ৰৰ কেইবাখনো গাঁও জলমগ্ন হৈছে। কাৰ্বি লাংপি জলবিদ্যুৎ প্রকল্পই পানী এৰি দিয়াৰ ফলত বৰপানী নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। কচুৱা, মাধৱপাৰা, শিমলুগুৰি, ৰমনীপথাৰকে ধৰি ২৭ খন গাঁও বৰপানী নৈৰ বাঢ়নী পানীত বুৰ গৈছে।
ডিমা হাচাও জিলাৰ উমবাংছ’ৰ খানডং জলবিদ্যুৎ প্রকল্পৰ ৭ খন গে’ট খুলি দিয়াত কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। ইয়াৰ ফলত হোজাইৰ কেইবাখনো গাঁও বানৰ কবলত পৰিছে। হোজাই জিলা আয়ুক্তগৰাকীয়ে কালি বানপীড়িত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে আশ্রয় শিবিৰ স্থাপন কৰা সন্দৰ্ভত পর্যালোচনা কৰে।
ইপিনে কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত তিনিচুকীয়া জিলাৰ গুইজানৰ নতুন গাঁৱৰ বিস্তীর্ণ অঞ্চল প্লাবিত হৈছে। ডিব্ৰুগড় জিলাত ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। ব্ৰহ্মপুত্র বাঢ়নী পানীয়ে চানমাৰিৰ নতুন গাঁও বুৰাই পেলাইছে। চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত পুখুৰীজানত ব্ৰহ্মপুত্ৰৰ পানী মথাউৰি ওপৰেৰে বাগৰিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। মাজুলীৰ বিৰিণাবাৰী গাঁৱৰ ঠেকেলানী বিলৰ পাৰৰ কেইবা বিঘা বৰো ধানৰ খেতি বানে বুৰাই পেলাইছে। ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত খেতি পথাৰ জলমগ্ন হৈ পৰিছে।
গোলাঘাট জিলাৰ নুমলীগড়ত কালিয়নী নৈৰ বাঢ়নী পানীয়ে বিস্তীর্ণ অঞ্চল বুৰাই পেলাইছে। কালিয়নী নৈৰ বাঢ়নী পানীত আবদ্ধ হৈ পৰা তিনিখন বাহনৰ চালক আৰু হেণ্ডিমেনক প্ৰশাসনৰ লোকে স্পীড বটৰ সহায়ত উদ্ধাৰ কৰে৷