বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰিছে। বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, দৰং, ধুবুৰী, গোৱালপাৰা, কামৰূপ মহানগৰ জিলা, কামৰূপ, মৰিগাঁও, নলবাৰী, কাছাৰ, ডিমা হাচাও, হাইলাকান্দি, শ্রীভূমি আদি কেইবাখনো জিলাত নিশাপর্যন্ত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
গুৱাহাটী মহানগৰীৰ বান পৰিস্থিতি কিছুপৰিমাণে শাম কাটিছে যদিও ভালেমান অঞ্চল এতিয়াও যোগাযোগ বিচ্ছিন্ন হৈ আছে। মহানগৰীৰ ৰুক্মিণীগাঁও, অনিলনগৰ, নবীন নগৰ, পাঞ্জাবাৰী, হাতীগাঁও, জুৰিপাৰকে ধৰি বহু অঞ্চল এতিয়াও জলমগ্ন হৈ আছে। পূৰ্বে বান পৰিস্থিতিৰ সন্মুখীন নোহোৱা ভালেমান অঞ্চল এইবাৰ পানীত বুৰ যোৱা বুলি সংবাদদাতাই জানিবলৈ দিছে। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ দিনটোৰ বাবে গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ লগতে দূৰণিবটীয়া চৰকাৰী কৰ্মচাৰীসকলৰ বাবেও আজি নৈমিত্তিক ছুটীৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰে ৰুক্মিণীগাঁও আৰু হাতীগাঁৱত দুটা সাহায্য শিবিৰ স্থাপনৰ জৰিয়তে বান প্ৰভাৱিত জনসাধাৰণলৈ সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে। বান পৰিস্থিতিৰ সন্মুখীন হ’বৰ বাবে ৰাজ্যৰ ভিন ভিন ঠাইত এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু ডি ডি আৰ এফৰ উদ্ধাৰকাৰী জোৱানৰ দল কৰ্তব্যত নিয়োজিত হৈ আছে। গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী যোৰাবাটত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। যোৰাবাট উৰণ সেতুৰ তলত আজিও একঁকাল পর্যন্ত পানী হোৱাত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। বান আৰু বোকাৰ বাবে যোৰাবাটৰ ব্যৱসায়ীসকলে প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিবলগীয়া হৈছে। ইপিনে যোৰাবাট অঞ্চলত তিনিদিন ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ থকাত অঞ্চলবাসী খোৱাপানীৰ লগতে আন বিভিন্ন সমস্যাত ভুগিছে। উল্লেখযোগ্য যে বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি গুৱাহাটীকে ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে।
কামৰূপ জিলাৰ ছয়গাঁৱত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰাত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। কলহী নৈৰ বাঢ়নী পানীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ একাংশ বুৰাই পেলোৱাৰ লগতে দলঙৰ দুয়ো মূৰ খহাই পেলোৱাত যাতায়াত বন্ধ হৈছে। বকোৰ শিঙৰা শালনিবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথতো বাঢ়নী পানীয়ে বুৰাই পেলাইছে। নেৰানেপেৰা বৰষুণৰ ফলত বৰপেটা জিলাতো স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। জিলাখনৰ ছখন প্রধান নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বান পৰিস্থিতি জটিল হৈ পৰাৰ আশংকা দেখা দিছে।
লখিমপুৰ, গহপুৰ, নগাঁৱৰ কামপুৰ, পশ্চিম কাৰ্বি আংলঙৰ টুমপ্রেং, শ্রীভূমি, হাইলাকান্দি, ধুবুৰীৰ লগতে উজনি অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। নিপকোৱে ৰঙানদীৰ পানী এৰি দিয়াৰ ফলত লখিমপুৰৰ বিস্তীর্ণ অঞ্চল বাঢ়নী পানীয়ে বুৰাইছে। কপিলী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱা হোজাইৰ ক্ষতিগ্ৰস্ত অঞ্চল জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে পৰিদৰ্শন কৰে। ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ খানডং জলবিদ্যুৎ প্ৰকল্পৰ ৭ খন গেট খুলি দিয়াত কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। ইয়াৰ ফলত হোজাইৰ কেইবাখনো গাঁও বানৰ কবলত পৰিছে। হোজাই জিলা আয়ুক্তগৰাকীয়ে আজি বানপীড়িত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে আশ্রয় শিবিৰ স্থাপন কৰা সন্দৰ্ভত পৰ্যালোচনা কৰে। এই সন্দৰ্ভত হোজাইৰ জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে এইদৰে কয়— বাইট (বিদ্যুৎ বিকাশ ভাগৱতী
ইপিনে কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত তিনিচুকীয়া জিলাৰ গুইজানৰ নতুন গাঁৱৰ বিস্তীর্ণ অঞ্চল প্লাৱিত হৈছে। ডিব্ৰুগড় জিলাৰ চাবুৱা আৰু পূব ডিব্ৰুগড় ৰাজহ চক্ৰৰ চাৰিখন গাঁও বানৰ কবলত পৰিছে। মাজুলীৰ বিৰিণাবাৰী গাঁৱৰ ঠেকেলানী বিলৰ পাৰৰ কেইবা বিঘা বৰো ধানৰ খেতি বানে বুৰাই পেলাইছে। ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত খেতি পথাৰ জলমগ্ন হৈ পৰিছে।
গোলাঘাট জিলাৰ নুমলীগড়ত কালিয়নী নৈৰ বাঢ়নী পানীয়ে বিস্তীর্ণ অঞ্চল বুৰাই পেলাইছে। কালিয়নী নৈৰ বাঢ়নী পানীত আবদ্ধ হৈ পৰা তিনিখন বাহনৰ চালক আৰু হেণ্ডিমেনক প্ৰশাসনৰ লোকে স্পীড বটৰ সহায়ত উদ্ধাৰ কৰে।
Site Admin | May 31, 2025 8:53 PM | Assam Flood
নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত
