ডাউনলোড
মোবাইল এপ

android apple
signal

August 16, 2024 8:20 PM | Shok Day

printer

ধেমাজিত সংঘটিত বোমা বিস্ফোৰণত নিহতৰ স্মৃতিত ৰাজ্যজুৰি শোক দিৱস পালন

ধেমাজি জিলাৰ কাছাৰী ময়দানত ২০০৪ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত উগ্ৰপন্থীয়ে সংঘটিত কৰা বোমা বিস্ফোৰণত নিহত লোকসকলৰ স্মৃতিত আজি শোক দিৱস পালন কৰা হয়। লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত এই উপলক্ষে নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলক শপত বাক্য পাঠ কৰোৱা হয়। এই কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত, বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ভালেমান কৰ্মচাৰী উপস্থিত থাকে। ইয়াৰ উপৰিও জিলাখনৰ আন আন বিভাগসমূহতো শোক দিৱস পালন কৰা হয়। মাজুলী জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কার্যালয়তো আজি এই উপলক্ষে সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধিতাৰে বিষয়া কৰ্মচাৰীসকলে শপত বাক্য পাঠ কৰে। ডিব্ৰুগড় জিলা আয়ুক্ত বৈক্ৰম কৈৰীৰ উপস্থিতিত আজি কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলক শপত বাক্য পাঠ কৰোৱা হয় ৷ দৰং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলে হিংসা সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰু শান্তি, সামাজিক শৃংখলাৰ হ’কে শপত বাক্য পাঠ কৰে। ইয়াৰ উপৰি জিলাখনৰ আন বিভিন্ন কার্যালয়সমূহতো সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংকল্প বাক্য পাঠ কৰা হয়। বঙাইগাওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ লগতে আন বিভাগৰ কাৰ্যালয়তো নিহত লোকসকলৰ স্মৃতিত শোক দিৱস পালন কৰা হয়। ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে তামুলপুৰ জিলাতো শোক দিৱস পালন কৰা হয়। তামুলপুৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীৰ উপস্থিতিত সন্ত্ৰাসবাদৰ বিৰুদ্ধে শপত বাক্য পাঠ কৰা হয়। ইয়াৰ উপৰি জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংকল্প গ্ৰহণ কৰে। চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ত শোক দিৱসৰ কাৰ্যসূচীত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে বিভিন্ন বিষয়া-কৰ্মচাৰীক সন্ত্ৰাসবাদ বিৰোধী শপত বাক্য পাঠ কৰোৱায়। তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়তো ধেমাজিৰ উগ্ৰপন্থীৰ বোমা বিস্ফোৰণত শিশুসহ নিৰিহ লোকৰ প্ৰাণ ত্যাগৰ সেই বিভীষিকাময় দিনৰ কথা সুঁৱৰি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয় বুলি আমাৰ সংবাদদাতাসকলে জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক