পুৱাৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাই জলমগ্ন হৈ পৰিছে। চানমাৰি, জু-ৰোড, হাতীগাঁও, কক্মিণীগাঁও আদি এলেকা কৃত্রিম বানত বুৰ যোৱাৰ লগতে জনসাধাৰণৰ জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে। উল্লেখযোগ্য যে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ কেইবাখনো ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত অহা বুধবাৰলৈ প্ৰবল বৰষুণ হোৱাৰ আগজাননী দিছে। কেন্দ্ৰীয় চৰকাৰৰ ভূ-বিজ্ঞান মন্ত্ৰ্যালয়, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই যৌথভাৱে জাৰি কৰা জাননী যোগে ধাৰাষাৰ বৃষ্টিপাতৰ ফলত স্পৰ্শকাতৰ আন্তঃগাঁথনিৰ ক্ষয়-ক্ষতি হোৱাৰ লগতে যাতায়াত ব্যাহত হোৱাৰ আশংকা উল্লেখ কৰিছে। পানী আৱদ্ধ হ’ব পৰা স্থানলৈ নাযাবলৈও ৰাইজক আহ্বান জনোৱা হৈছে। ভূমিস্খলনৰ সম্ভাৱনা থকা এলেকা ত্যাগ কৰাৰ লগতে সংশ্লিষ্ট কর্তৃপক্ষই আগবঢ়োৱা সতর্কতামূলক পৰামৰ্শ মানি চলিবলৈ বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰিছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগে কামৰূপ মহানগৰ, মৰিগাঁও আৰু পশ্চিম কাৰ্বি আংলং জিলাত অহা ৩ ঘণ্টাৰ ভিতৰত বিজুলী, ঢেৰেকনীৰ সৈতে বৰষুণ হোৱাৰ আগলি বতৰা দিছে।
Site Admin | September 1, 2024 12:37 PM | Guwahati Artificial Flood
ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাই জলমগ্ন
