ডাউনলোড
মোবাইল এপ

android apple
signal

May 25, 2025 10:57 AM | Drishtipat

printer

দেশৰ যিকোনো সংকটকালীন পৰিস্থিতিত সংবাদ মাধ্যমে সংযত আৰু শুদ্ধ তথ্য আধাৰিত বাতৰি প্ৰচাৰ কৰি জনসাধাৰণক অৱগত কৰা উচিতঃ দৃষ্টিপাত অনুষ্ঠানত বিশেষজ্ঞৰ মন্তব্য

দেশৰ যিকোনো সংকটকালীন পৰিস্থিতিত সংবাদ মাধ্যমে অত্যুৎসাহী নহৈ সংযত আৰু শুদ্ধ তথ্য আধাৰিত বাতৰি প্ৰচাৰ কৰি জনসাধাৰণক স্পষ্ট ৰূপত অৱগত কৰা উচিত। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত অপাৰেচন সিন্দূৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সংবাদ মাধ্যমৰ ভূমিকা শীর্ষক আলোচনাত বিশিষ্ট গৱেষক, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° চন্দন শৰ্মা আৰু সংবাদ মাধ্যম বিশেষজ্ঞ ৰামন বৰাই এইকথা প্ৰকাশ কৰে। অনুষ্ঠানত শ্ৰীবৰাই সংবাদ মাধ্যমৰ সংযত বাতৰি পৰিবেশনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
দেশৰ সংকটকালীন সময়ত সংবাদ মাধ্যম সজাগ, সতর্ক হোৱা প্ৰয়োজন আৰু এনে সময়ত বিভ্ৰান্তিকৰ বাতৰি প্ৰচাৰ কৰাটো গণতন্ত্ৰৰ বাবে শুভলক্ষণ নহয় বুলি ড০ চন্দন শৰ্মাই প্রকাশ কৰে৷ দৃষ্টিপাত অনুষ্ঠানটিৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ।

অধিক পঢ়ক

সকলো চাওক