ভাৰতীয় জ্ঞান-বিজ্ঞান সম্পৰ্কীয় সকলো তথ্য সংস্কৃত ভাষাতে লাভ কৰিব পাৰি তাৰবাবে জনসাধাৰণে সংস্কৃত ভাষা শিকাৰ প্ৰয়োজনীয়তা আছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি এটা অনুষ্ঠানত এইদৰে কয়। উল্লেখযোগ্য যে মন্ত্ৰী অমিত শ্বাহে আজি সংস্কৃত ভাৰতীৰ উদ্যোগত নতুন দিল্লীত অনুষ্ঠিত 1008 সংস্কৃত স্পীচ্ছ কেম্পত অংশগ্ৰহণ কৰে। সংস্কৃত ভাষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি মন্ত্ৰী শ্ৰীশ্বাহে কয় যে সংস্কৃত ভাষা হৈছে ভালেসংখ্যক ভাৰতীয় ভাষাৰ মূল। তেওঁ কয় যে দেশত সংস্কৃত শিক্ষাৰ বিকাশৰ বাবে চৰকাৰে কাম কৰি আহিছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি সংস্কৃত ভাৰতীয়ে আয়োজন কৰা 1008 সংস্কৃত স্পীচ্ছ কেম্প বিগত মাহৰ ২৩ তাৰিখে আৰম্ভ হৈ চলিত মাহৰ কালি সামৰণি পৰিছে। এই কেম্পত ২৫ হাজাৰ লোকে অংশগ্ৰহণ কৰে আৰু সংস্কৃত ভাষা শিকে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, বিজেপিৰ দিল্লী গোটৰ মুৰববী বীৰেন্দ্ৰ চচদেৱ, দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক যোগেশ সিং আৰু সংস্কৃত ভাৰতীয় অন্যান্য বিশিষ্ট লোকসকল এই অনুষ্ঠানত উপস্থিত আছে।
Site Admin | May 4, 2025 8:32 PM | Amit Shah | Sanskrit
দেশত সংস্কৃত শিক্ষাৰ বিকাশৰ বাবে চৰকাৰে কাম কৰি আছেঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ
