উচ্চতম ন্যায়ালয়ে দেশত শিশু সৰবৰাহৰ সৈতে জড়িত অপৰাধ ৰোধ কৰা আৰু এনে অপৰাধৰ বিচাৰ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এলানি কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। উত্তৰ প্ৰদেশৰ শিশু সৰবৰাহ গোচৰৰ অভিযুক্তই দাখিল কৰা অগ্রিম জামিন আবেদনৰ শুনানী গ্রহণ কৰি ন্যায়ালয়ে আজি এই নীতি- নিৰ্দেশনা জাৰি কৰে। ন্যায়াধীশ জে বি পার্ডিৱালা আৰু আৰ মহাদেৱনৰ এখন বিচাৰপীঠে লগতে ছমাহৰ ভিতৰত শিশু সৰবৰাহ গোচৰৰ বিচাৰ সম্পূৰ্ণ কৰাৰ বাবে নিম্ন আদালতসমূহলৈ নীতি-নিৰ্দেশনা জাৰি কৰিবলৈ উচ্চ ন্যায়ালয়সমূহক নির্দেশ দিয়ে। সর্বোচ্চ ন্যায়ালয়ে কয়, যে ন্যায়ৰ ক্ষেত্ৰত হোৱা বিলম্ব ৰোধ কৰাৰ বাবে এনে গোচৰৰ শুনানী দৈনিক ভিত্তিত গ্ৰহণ কৰা উচিত। ন্যায়ালয়ে শিশু সৰবৰাহ গোচৰৰ তদাৰকক লৈ উত্তৰ প্ৰদেশ চৰকাৰক আৰু শিশু সৰবৰাহ গোচৰত জড়িত অভিযুক্তলৈ জাননী জাৰি কৰাৰ বাবে এলাহাবাদ উচ্চ ন্যায়ালয়ক সমালোচনা কৰে। সৰ্বোচ্চ ন্যায়ালয়ে কয়, যে নীতি-নিৰ্দেশনা ৰূপায়ণৰ ক্ষেত্ৰত শিথিলতাৰ বিষয়টো গুৰুত্ব সহকাৰে লোৱা হ’ব আৰু ইয়াক আদালতৰ অৱমাননা বুলি গণ্য কৰা হ’ব। উচ্চতম ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ ৰায়যোগে কয়, যে চিকিৎসালয়ৰ পৰা নৱ-জাতকৰ চুৰি হ’লে প্রথমে সংশ্লিষ্ট চিকিৎসালয়খনৰ অনুজ্ঞা পত্র বাতিল কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত।
Site Admin | April 15, 2025 8:07 PM | Supreme Court of India verdict
দেশত শিশু সৰবৰাহৰ সৈতে জড়িত অপৰাধ ৰোধ কৰা আৰু এনে অপৰাধৰ বিচাৰ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ৰ এলানি কঠোৰ নীতি-নিৰ্দেশনা জাৰি
