কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমৰ্মে মৰিগাঁও জিলাৰ জাগীৰোডৰ উপ-ডাকঘৰত আজি এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। ডাক বিভাগৰ বিভিন্ন লাভজনক আঁচনিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ উদ্দেশ্যে এই সজাগতা সভাৰ আয়োজন কৰা হৈছে। এই সভাৰ জৰিয়তে ডাক বিভাগৰ দ্বাৰা চৰকাৰে প্ৰদান কৰা আঁচনিসমূহৰ লাভ গ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনোৱা হয়। তদুপৰি দেশৰ বিভিন্ন প্ৰান্তত দেখা দিয়া চাইবাৰ অপৰাধৰ পৰা হাত সাৰি থকাৰ বাবে ল’বলগীয়া সাৱধানতা সম্পর্কেও বিশদভাৱে আলোচনা কৰা হয়। অনুষ্ঠানত জাগীৰোড উপ-ডাকঘৰৰ সহ-ডাকোৱাল মিতালী ধৰে ডাক বিভাগৰ আঁচনিসমূহৰ বিভিন্ন দিশসমূহৰ ৰাইজক অৱগত কৰে।
Site Admin | September 4, 2024 6:44 PM
জাগীৰোডৰ উপ-ডাকঘৰত ডাক বিভাগৰ লাভজনক আঁচনি সন্দৰ্ভত সজাগতা সভা
