মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নগাঁৱ জিলাৰ ধিঙত এগৰাকী ছাত্ৰীক ধৰ্ষণৰ ঘটনাত জড়িত থকাসকলৰ বিৰুদ্ধে চৰকাৰে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ইতিমধ্যে আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাৰ লগত জড়িত আন দুজনৰ খবৰ পোৱা গৈছে। উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীয়ে আৰক্ষীক তাৎক্ষণিকভাৱে ঘটনাৰ দোষীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। মানৱতাৰ বিৰুদ্ধে অপৰাধ এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্তৰ বাবে দিয়া নিৰ্দেশ অনুসৰি আৰক্ষী সঞ্চালক প্রধান জি পি সিং আজি ধিঙত উপস্থিত হয়। সঞ্চালক প্ৰধানগৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে ছাত্ৰীগৰাকীৰ ঘৰত উপস্থিত হৈ অভিভাৱকৰ সৈতে মত বিনিময় কৰে। শ্ৰী সিঙে ঘটনাৰ সংক্ৰান্তত তদন্তই সঠিক দিশত অগ্রগতি লাভ কৰিছে বুলি উল্লেখ কৰি যথেষ্ট তথ্য-প্ৰমাণ আৰক্ষীয়ে ইতিমধ্যে লাভ কৰিছে। উল্লেখযোগ্য যে, এই ঘটনাৰ পৰিপ্ৰেক্ষিতত ধিং অঞ্চলৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে । ইপিনে ছাত্ৰীগৰাকীৰ শাৰীৰিক অৱস্থা বৰ্তমান সুস্থিৰ বুলি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকে জানিবলৈ দিছে। নগাওঁ জিলা প্রশাসনে ছাত্ৰীগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত যাতে কোনো ত্রুটি নাথাকে তাৰ বাবে নিৰ্দেশ দিছে। তদুপৰি জিলা আৰক্ষী বিভাগে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি দোষীক কৰায়ত্ত কৰিবলৈ সকলো প্রচেষ্টা অব্যাহত ৰাখিছে। জিলা প্ৰশাসনে জনসাধাৰণক শান্তি-শৃংখলা বজাই ৰাখি আটাইকেইজন দোষীকে কৰায়ত্ত কৰি উচিত শাস্তি প্রদান কৰা ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। ইপিনে ধিঙত সংঘটিত ঘটনাৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ দৌলমুখ চাৰিআলিত কেইবাটাও দল-সংগঠনে প্রতিবাদ সাব্যস্ত কৰে। সংগঠন কেইটাই প্রতিবাদী শোভাযাত্ৰা উলিয়াই দোষীক কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী জনায়। বিৰোধী দলৰ উপসভাপতি তথা সাংসদ গৌৰৱ গগৈয়েও ধিঙৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত উচিত তদন্তৰ বাবে আৰক্ষী আৰু স্থানীয় লোকসকলক একত্রিতভাৱে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। নিৰ্যাতনৰ সন্মুখীন হোৱা কিশোৰীগৰাকীৰ অভিভাৱকৰ প্ৰতি সহমর্মিতা প্রকাশ কৰি তেওঁ কয় যে, এই ঘটনাৰ উচিত তদন্তৰ ক্ষেত্ৰত কোনো সুৰুঙা থাকিব নালাগে ৷ মৰিগাঁও জিলাতো এটা স্বেচ্ছাসেৱী সংগঠনৰ শতাধিক নেতা-কর্মীয়ে থিঙৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে দোষীক উচিত শাস্তি দিয়াৰ লগতে মহিলা আৰু শিশুৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়।
Site Admin | August 23, 2024 7:21 PM
ধিঙত ছাত্ৰীক ধৰ্ষণৰ ঘটনাত জড়িতৰ বিৰুদ্ধে চৰকাৰে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য
