চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে কোচ-ৰাজবংশী ভাষা বন্দনা সমাৰোহ অনুষ্ঠিত হয়। কোচ-ৰাজবংশী ভাষা অধ্যয়ন গৱেষণা আৰু উন্নয়ন সমিতিৰ সচিব মঞ্জু বৰুৱাৰ পৌৰহিত্যত এই অনুষ্ঠান অনুষ্ঠিত হয়। সমাৰোহত কোচ-ৰাজবংশী ভাষা ব্যাকৰণ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত কেইবাখনো জিলাৰ বিভিন্ন অঞ্চলৰ দুই শতাধিক লোকে অংশগ্ৰহণ কৰে ।
Site Admin | December 29, 2024 9:08 PM | Chirang District
চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ত কোচ-ৰাজবংশী ভাষা বন্দনা সমাৰোহ অনুষ্ঠিত
