ডাউনলোড
মোবাইল এপ

android apple
signal

চিকিমৰ মাংগন জিলাৰ লাচেনত আৱদ্ধ পৰ্যটকসকলৰ উদ্ধাৰ অভিযান সম্পূৰ্ণ

চিকিমৰ মাংগন জিলাৰ লাচেনত আৱদ্ধ পৰ্যটকসকলৰ উদ্ধাৰ অভিযান আজি সম্পূৰ্ণ হৈছে। এই সমগ্ৰ অভিযান নিৰীক্ষণত থকা মাংগন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে এই কথা নিশ্চিত কৰিছে। বাগদোগৰা আৰু পাকয়ঙৰ পৰা বায়ু সেনাৰ হেলিকপ্তাৰে বাকী থকা পৰ্যটকসকলৰ উপৰি চাতেনত বাস কৰা কিছু লোকক উদ্ধাৰ কৰে।
আকাশবাণী গেংটকৰ সংবাদদাতাই জনোৱা মতে, বায়ু সেনা, স্থল সেনা, এন ডি আৰ এফ আৰু ৰাজ্য চৰকাৰৰ কেইবাটাও সংস্থাই যুটীয়াভাৱে এই উদ্ধাৰ অভিযান চলায়। উদ্ধাৰকাৰী দলসমূহে পৰ্যটকসকলক উদ্ধাৰ কৰাৰ সময়ত অতি প্ৰতিকূল বতৰৰ সন্মুখীন হ’বলগীয়া হয়। ভূমিস্খলনৰ ফলত লাচেন আৰু লাচুঙত প্ৰায় দুহেজাৰ লোক আবদ্ধ হৈ আছিল। লাচুঙত আবদ্ধ হোৱা এহেজাৰ ৬০০ পর্যটককো উদ্ধাৰ কৰা হৈছে। ইপিনে ছিকিমৰ পৰ্যটন বিভাগে পর্যটক সকলে লাচেন আৰু লাচুঙৰ বাহিৰে ৰাজ্যখনৰ আন আন অঞ্চলসমূহ ভ্ৰমণ কৰিব পাৰিব বুলি জানিবলৈ দিছে। ৰাজ্যখনৰ অতিৰিক্ত মুখ্য সচিব চি এছ ৰাৱে কয়, যে ছিকিমত ২০০ ৰো অধিক পৰ্যটনস্থলী আছে আৰু ভূমিস্খলন হোৱা অঞ্চলকেইটাৰ বাহিৰে অন্যান্য ঠাইসমূহ ভ্ৰমণ কৰাত কোনো ধৰণৰ নিষেধাজ্ঞা জাৰি কৰা হোৱা নাই।