ডাউনলোড
মোবাইল এপ

android apple
signal

January 15, 2025 7:35 PM | Tusu Puja

printer

চাহ জনগোষ্ঠী বসতিপ্রধান অঞ্চলসমূহত কৃষিভিত্তিক উৎসৱ টুচু পূজা উদযাপন

মকৰ সংক্ৰান্তি উপলক্ষে চাহ জনগোষ্ঠী বসতিপ্রধান অঞ্চলসমূহত আজি কৃষিভিত্তিক উৎসৱ টুচু পূজা উদযাপন কৰা হৈছে। এই উপলক্ষে উজনি অসমৰ বিভিন্ন চাহ বাগানসমূহৰ চাহ জনগোষ্ঠীসমূহৰ উপাস্য দেৱী টুচুৰ বাৰ্ষিক পূজা উলহ-মালহেৰে আয়োজন কৰে। গোলাঘাট জিলাৰ বোকাখাটৰ লতাবাৰীৰ আহোম গাঁৱৰ মুকলি পথাৰত চাহ জনগোষ্ঠীৰ লোকসকলে পাৰম্পৰিক খেল-ধেমালিৰ আয়োজন কৰে। এই উৎসৱত অংশগ্ৰহণ কৰিবলৈ শিৱসাগৰ, যোৰহাট, নগাঁও ইত্যাদি জিলাসমূহৰ অগণন লোক সমবেত হয়।
চাহ জনগোষ্ঠীৰ লোকসকলে মাঘ বিহুৰ দিনাই এই বিশেষ পূজাৰ আয়োজন কৰে। যুৱক-যুৱতী আৰু নৱ বিবাহিত দম্পতীয়ে এই পূজাত টুচু দেৱীক সাক্ষী কৰি আজীৱন সুখী যুৰীয়া জীৱনৰ কাৰণে প্ৰাৰ্থনা কৰে । পূজাত ঝুমুৰ নৃত্য-গীতৰ আয়োজন কৰা হয়। টুচু দেৱীক মনসা, দুৰ্গা আৰু সীতাৰ সৈতে ৰিজনী দি ডেকা-গাভৰুসকলে ঘৰে ঘৰে গৈ অৰিহনা সংগ্ৰহ কৰে ।

অধিক পঢ়ক

সকলো চাওক