ডাউনলোড
মোবাইল এপ

android apple
signal

গোলাঘাট জিলাত পঞ্চায়ত নিৰ্বাচনত ২২৮টা ভোটগ্রহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে কাইলৈ ১৪ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত হ’ব। এই পৰ্যায়ত সামৰি ল’বলগীয়া জিলাসমূহৰ ভিতৰত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলা আছে। ভোটগ্ৰহণৰ বাবে বিভিন্ন ভোট কেন্দ্ৰত নিয়োজিত বিষয়ববীয়াসকল ইতিমধ্যে কেন্দ্ৰলৈ ৰাওনা হৈছে। গোলাঘাট জিলাত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি পুৱাৰে পৰা প্রিজাইডিং পোলিং বিষয়াৰ লগতে নিৰাপত্তাৰক্ষীসকল নিজ নিজ ভোটকেন্দ্র অভিমুখে যাত্ৰা কৰিছে। জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিৰ ২০খন জিলা পৰিষদ, ১০৮খন আঞ্চলিক পঞ্চায়ত আৰু ১০৮০টা ৱাৰ্ডৰ বাবে ভোটগ্রহণ হ’ব। জিলাখনত স্থাপন কৰা ১১৬৪টা ভোটগ্রহণ কেন্দ্ৰত ৭ লাখ ৮৯ হাজাৰ ১২৫ গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ইয়াৰে ২২৮টা ভোটগ্রহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব।

অধিক পঢ়ক

সকলো চাওক