কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কালি সন্ধিয়া বেংগালুৰুত উপস্থিত হৈছে। কালি শ্ৰীশ্বাহে বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রী বি. এছ. য়েদুৰাপ্পাক সাক্ষাৎ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে আজি আদি চুনচানগিৰি বিশ্ববিদ্যালয়ৰ বেংগালুৰু চৌহদটো উদ্বোধন কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীশ্বাহে কয়, যে তেওঁ বিশ্ববিদ্যালয়খনৰ বেংগালুৰু চৌহদ উদ্বোধন কাৰ্যসূচীত উপস্থিত থাকিব।
ইয়াৰ পাছত শ্ৰীশ্বাহে অহা ২২ জুনত দুদিনীয়া কাৰ্যসূচীৰে চত্তিশগড়লৈ যাব। অভ্যন্তৰীণ সুৰক্ষা আৰু অঞ্চলটোৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অংশহিচাপে শ্বাহ ৰাজ্যখনলৈ যাব। তেওঁৰ এই ভ্রমণে বাওপন্থী সন্ত্ৰাসবাদ ৰোধ কৰাৰ লগতে ৰাজ্যখনৰ স্পৰ্শকাতৰ আৰু পিছপৰা জিলাসমূহৰ বিকাশৰ ক্ষেত্ৰত কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ মাজৰ সহযোগীতা অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
Site Admin | June 20, 2025 11:16 AM | HM on Karnataka
গৃহমন্ত্রী অমিত শ্বাহৰ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রী বি. এছ. য়েদুৰাপ্পাক সাক্ষাৎ
