September 1, 2024 1:17 PM | milk price hike

printer

গুৱাহাটীত গাখীৰৰ দাম ৩ টকাকৈ বৃদ্ধি

বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সংস্থাৰ সিদ্ধান্ত অনুসৰি আজিৰে পৰা গুৱাহাটীত গাখীৰৰ দাম ৩ টকাকৈ বৃদ্ধি পাব। সংগঠনটোৱে প্ৰকাশ কৰা অনুসৰি আজিৰে পৰা প্ৰতি লিটাৰ গাখীৰৰ পাইকাৰী দাম ৬৪ টকা ৪০ পইচা আৰু খুছুৰা ৬৭ টকা হ’ব। উল্লেখযোগ্য যে, বৃহত্তৰ গুৱাহাটী গোপালক সন্থাই খুঁটিত গাখীৰৰ দাম প্রতি লিটাৰত ২ টকা ৬০ পইচাকৈ বৃদ্ধি কৰিছে। যাৰ ফলত গাখীৰৰ পাইকাৰী আৰু খুচুৰা দাম বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে বুলি সংগঠনটোৱে জানিবলৈ দিছে।