গুজৰাটৰ স্থানীয় নিকায়সমূহৰ নিৰ্বাচনৰ ভোটগ্রহণ আজি শান্তিপূর্ণভাৱে সম্পন্ন হয়। নির্বাচন আয়োগে নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ভোটগ্রহণ কেন্দ্ৰসমূহত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়। পুৱা ৭ বজাত আৰম্ভ হোৱা ভোটগ্রহণ সন্ধিয়া ৬ বজালৈ অব্যাহত থাকে। অহা মঙলবাৰে ভোটগণনা কৰা হ’ব। জুনাগড় পৌৰ নিগমৰ নিৰ্বাচনত দিনৰ ১১ বজালৈ ১৩. ৮১ শতাংশ ভোটগ্রহণ সম্পন্ন হোৱাৰ তথ্য প্ৰকাশিত হৈছে। মধ্যৱর্তী তথা তিনিখন তালুকা পঞ্চায়তৰ উপ-নির্বাচন আৰু কেইবাখনো স্থানীয় নিকায়ৰ বাবে অনুষ্ঠিত এই নিৰ্বাচনত জনসাধাৰণে উৎসাহেৰে ভোটদান কৰা পৰিলক্ষিত হয়। ভোটগ্রহণ কেন্দ্ৰসমূহত পুৱাৰ পৰা ভোটদাতাসকলে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিবলৈ দীঘলীয়া শাৰী পাতে। ভোটগ্রহণ কেন্দ্ৰসমূহত জ্যেষ্ঠ নাগৰিক তথা বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়। স্থানীয় নিকায়সমূহৰ বাবে অনুষ্ঠিত এই নির্বাচনত ৫ হাজাৰ ৮৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ২১৩ গৰাকী প্রার্থীয়ে ইতিমধ্যে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। ভোটদান ব্যৱস্থা সুকলমে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিৰ্বাচনৰ সময়ছোৱাত আইন-শৃংখলা পৰিস্থিতিৰ শৃংখলা বজাই ৰখাৰ উদ্দেশ্যে ১০ হাজাৰতকৈ অধিক আৰক্ষী মোতায়েন কৰা হৈছে।
Site Admin | February 16, 2025 8:46 PM | Gujrat Municipality election
গুজৰাটৰ স্থানীয় নিকায়সমূহৰ নিৰ্বাচনৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন
