ডাউনলোড
মোবাইল এপ

android apple
signal

গাজা ভূখণ্ডত অভিযানৰ সময়সীমা বৃদ্ধিৰ লগতে ভূখণ্ডটোৰ এক বৃহৎ অংশ অধিগ্রহণ ইজৰাইলৰ

ইজৰাইলে গাজা ভূখণ্ডত অভিযানৰ সময়সীমা বৃদ্ধি কৰাৰ লগতে ভূখণ্ডটোৰ এক বৃহৎ অংশ অধিগ্রহণ কৰিছে। এটা বিবৃতিত দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাজে কয়, যে অভিযানৰ এই বর্ধিত সময়ছোৱাত গাজা ভূখণ্ডত সন্ত্রাসবাদীক সম্পূৰ্ণৰূপে নিঃশেষ কৰাৰ লগতে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ আন্তঃগাথনি সম্পূৰ্ণৰূপে ধবংস কৰি দিয়াৰ লক্ষ্য লোৱা হৈছে। তেওঁ কয়, যে অধিগ্ৰহণ কৰা অঞ্চলসমূহ ইজৰাইলৰ সুৰক্ষা মণ্ডলৰ সৈতে চামিল কৰা হৈছে। এই ভূখণ্ডৰ পৰা বহুসংখ্যক পেলেষ্টাইনীক নিৰ্মূল কৰাৰ লগতে হামাচক ধ্বংস কৰি ইজৰাইলী বন্দীসকলক ঘুৰাই অনাৰ পোষকতা কৰে। তেওঁ কয়, যে ইজৰাইল আৰু হামাচৰ মাজত চলি থকা দীৰ্ঘদিনীয়া যুঁজৰ অৱসান ঘটোৱাৰ এয়া একমাত্র উপায়। বিগত সপ্তাহত কৰা তেওঁৰ এই ঘোষণাৰ পাছতে ইজৰাইলৰ সৈন্যবাহিনীয়ে অনতি পলমে গাজাৰ অন্যান্য অংশতো পূর্ণোদ্যমে অভিযান চলাব।

অধিক পঢ়ক

সকলো চাওক