ডাউনলোড
মোবাইল এপ

android apple
signal

কৈলাস মান সৰোবৰ যাত্ৰা অহা ৩০ জুনৰ পৰা আৰম্ভ কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ

কৈলাস মান সৰোবৰ যাত্ৰা অহা ৩০ জুনৰ পৰা আৰম্ভ কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। উল্লেখযোগ্য যে কোৱিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিগত ৪ বছৰ ধৰি এই যাত্ৰা অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল। উত্তৰাখণ্ড চৰকাৰ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ যৌথ উদ্যোগত এই যাত্ৰাৰ আয়োজন কৰা হৈছে। কুমাউন মণ্ডল বিকাশ নিগমক এই যাত্ৰা আয়োজনৰ সকলো দায়িত্ব অর্পণ কৰা হৈছে। তীর্থযাত্ৰীসকলে দিল্লীৰ পৰা এই যাত্ৰা আৰম্ভ কৰি পিথুৰাগৰ জিলাৰ লিপুলেখ পাছেৰে গৈ চীনত প্ৰৱেশ কৰিব।

Kailash Mansarovar Yatra 2025 by Overland - Kailash Journeys

এইবাৰ ২৫০ গৰাকী তীর্থযাত্ৰীয়ে আধ্যাত্মিকভাৱে গুৰুত্বপূৰ্ণ ২২ দিনীয়া এই যাত্ৰাত ভাগ ল’ব। তীর্থযাত্রীসকলক ৫ টা দলত ভাগ কৰা হৈছে। প্ৰতিটো দলত ৫০ গৰাকীকৈ তীর্থযাত্ৰীক সামৰি লোৱা হৈছে। তীর্থযাত্ৰীৰ প্ৰথমটো দলে ১০ জুলাইত চীনত প্ৰৱেশ কৰাৰ বিপৰীতে অন্তিমটো দল ২২ আগষ্টত উভতি আহিব। এই যাত্ৰাৰ সময়ছোৱাত যাত্ৰীসকলে তনকপুৰ, ধৰচুলা, গুঞ্জি আৰু নাভিধাঙত জিৰাব। ওভতনি পথত তীর্থযাত্ৰীসকলে বুন্দি, চাওকড়ি আৰু আলমৰা হৈ দিল্লীত উপস্থিত হ’ব। তীর্থযাত্ৰীসকলৰ স্বাস্থ্য তথা নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে ইন্দো-তীববতীয় সীমান্ত আৰক্ষীৰ সহযোগত পিথুগড়ৰ গুঞ্জি তথা দিল্লীত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক