ডাউনলোড
মোবাইল এপ

android apple
signal

কৈলাশ মানসৰোবৰ যাত্ৰা চলিত বৰ্ষৰ জুনৰ পৰা আগষ্টলৈ আয়োজনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ পৃষ্ঠ পোষকতাত কৈলাশ মানসৰোবৰ যাত্ৰা চলিত বৰ্ষৰ জুনৰ পৰা আগষ্টলৈ আয়োজন কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি এই বেলি ৫০ গৰাকীকৈ যাত্ৰীৰ মুঠ ৫ টা দলে উত্তৰাখণ্ডৰ মাজেৰে লিপুলেখপাছ হৈ এই যাত্ৰাত অংশ লোৱাৰ লগতে ৫০ গৰাকীকৈ যাত্ৰীৰ মুঠ ১০ টা দলে ছিকিমৰ মাজেৰে নাথুলাপাছ হৈ এই যাত্ৰা কৰিব। আগ্ৰহীসকলে kmy.gov.in ৱেবচাইটৰ জৰিয়তে আবেদন জনাব পাৰিব। আবেদনকাৰীসকলৰ মাজৰ পৰা নিৰপেক্ষ পদ্ধতিৰে কম্পিউটাৰৰ সহায়ত যাত্রী নির্বাচন কৰা হ’ব। এই নির্বাচন প্ৰক্ৰিয়াত পুৰুষ তথা মহিলা যাত্ৰী বাচনি কৰোতে সমতা ৰক্ষা কৰি হ’ব। ২০১৫ চনৰে পৰা অনলাইন আবেদন গ্রহণ পদ্ধতিৰে এই বাচনি প্ৰক্ৰিয়া অব্যাহত আছে বুলি উল্লেখ কৰি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰে যে, সম্পূৰ্ণৰূপে কম্পিউটাৰৰ মাধ্যমেৰে যাত্ৰী নিৰ্বাচন কৰা হয়। আবেদনকাৰীসকলে ফেক্স বা পত্ৰ প্ৰেৰণৰ প্ৰয়োজন নাই বুলিও মন্ত্ৰালয়ে প্রকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক