● কেন্দ্রীয় গৃহমন্ত্ৰী শ্ৰীশ্বাহে কৈছে যে কেন্দ্ৰীয় চৰকাৰ দেশৰ প্ৰতিটো কোণৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ। বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে অসম চৰকাৰৰ উদ্যোগত কালি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত বডোফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে। গৃহমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে অসমৰ লগতে উত্তৰ-পূব উগ্ৰপন্থী কার্যকলাপৰ পৰা সম্পূৰ্ণ মুক্ত হৈ উন্নয়নৰ পথত অগ্ৰসৰ হৈছে। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্রহণ কৰি আহিছে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম কেৱল বড়ো জনগোষ্ঠীৰ বাবে পিতৃস্বৰূপ নহয়, বৰং সমগ্ৰ দেশৰ জনগোষ্ঠীয় সমাজৰ বাবে আদর্শ বুলি তেওঁ মন্তব্য কৰে। পেহেলগাম সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে ৰাজহুৱা বক্তব্য আগবঢ়াই শ্ৰীশ্বাহে কয় যে দেশে সন্ত্রাসবাদক সমুচিত প্ৰত্যুত্তৰ দিব। তেওঁ কয় যে অকল ১৪০ কোটি ভাৰতীয়ই নহয়, বৰং সমগ্ৰ বিশ্ব ভাৰতৰ লগত থিয় হৈছে।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই বিশেষ অতিথি হিচাপে ভাগ লয়। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী ড০ শর্মাই বডোফাই বড়ো জনগোষ্ঠীৰ উত্তৰণৰ বাবে আগবঢ়োৱা অৱদান আৰু ত্যাগৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বডোফাৰ নামত আজি দেশৰ ৰাজধানীত পথ নামকৰণ কৰা কাৰ্যই জনগোষ্ঠীয় লোকসকলৰ বাবে এটা শক্তিশালী বার্তা বহন কৰিব। এসময়ত হত্যা-হিংসাৰে জৰ্জৰিত বড়োভূমিত সম্প্রতি শান্তি বিৰাজ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে। বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো আৰু দিল্লীৰ মেয়ৰ ৰাজা ইকবাল সিং অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত আছে।