ডাউনলোড
মোবাইল এপ

android apple
signal

কাছাৰ কাগজকলৰ চৌহদত ২,৪০০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উদ্যোগ স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰস্তাৱ লাভ

কাছাৰ কাগজকলৰ চৌহদত ২,৪০০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উদ্যোগ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তাৱ লাভ কৰিছে। অসম ঔদ্যোগিক উন্নয়ন নিগম চমুকৈ এ আই ডি চিয়ে ইতিমধ্যে বন্ধ হৈ যোৱা কাগজকলটোৰ ২,৯১৬ বিঘা মাটি অধিগ্রহণ কৰি নিজৰ দখললৈ নিছে। সদ্যহতে এ আই ডি চিয়ে এই বৃহৎ ভূমিত ঔদ্যোগিক পাম স্থাপন কৰি বিভিন্ন প্রতিষ্ঠানক উদ্যোগ স্থাপন বাবে আৱণ্টন দিয়াৰ কাম আৰম্ভ কৰিছে। উদ্যোগ মন্ত্রী বিমল বৰাই বিধানসভাত এই তথ্য প্ৰকাশ কৰিছে। তেওঁ জনোৱা মতে ঔদ্যোগিক পামৰ ১৩৬ বিঘা মাটিত বেইলফেড প্রডাক্টছ টার্মিনেল স্থাপনৰ বাবে নুমলীগড় বিফাইনেৰী লিমিটেডক আৱণ্টন দিয়া হৈছে। ২০৫ কোটি টকা ব্যয় সাপেক্ষে স্থাপন হ’বলগীয়া এই প্ৰকল্পটো কাৰ্যক্ষম হ’লে বৃহৎ পৰিমাণৰ পেট্ৰ’লিয়াম সামগ্ৰী মজুত কৰিব পৰা হ’ব। মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে এই প্রকল্প সম্পূর্ণ হ’লে প্রায় ৩০০ লোকে প্রত্যক্ষ আৰু পৰোক্ষভাৱে নিয়োগৰ সুবিধা লাভ কৰিব। আনহাতে আন এটা প্রতিষ্ঠানে ২ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে বাঁহৰ পৰা মিথানল প্ৰস্তুত কৰা উদ্যোগ স্থাপন কৰিবলৈ ৩০০ বিঘা মাটি আৱণ্টনৰ বাবে আবেদন দাখিল কৰিছে। কাগজকলৰ ২১২ বিঘা মাটিত চৰকাৰে এখন মাটি ম’ডেল ল’জিষ্টিক পার্ক স্থাপনৰো পৰিকল্পনা লৈছে। এই প্রকল্পটি ৰেলপথ, স্থলপথ আৰু আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাৰে সংযোজিত হ’ব।

অধিক পঢ়ক

সকলো চাওক