July 16, 2024 1:32 PM | Tennis

printer

কাইলৈ হেমবার্গ অপেন টেনিছত ভাৰতৰ বোহন বোপন্না আৰু এন শ্ৰীৰাম বালাজীৰ যুটী পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত জাৰ্মানীৰ জেকব স্নাইটাৰ আৰু মাৰ্ক বালন’ৰৰ সন্মুখীন হ’ব

ভাৰতৰ বোহন বোপন্না আৰু এন শ্ৰীৰাম বালাজীৰ যুটীটো কাইলৈ হেমবার্গ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰথম বাউণ্ডত জাৰ্মানীৰ জেকব স্নাইটাৰ আৰু মাৰ্ক বালন’ৰৰ সন্মুখীন হ’ব। ভাৰতীয় যুটীটোৱে পেৰিছ অলিম্পিকৰ পূৰ্বে ক্ৰ’ৱেছিয়াৰ উমাগত আন এখন প্রতিযোগিতাতো অংশগ্ৰহণ কৰিব। পেৰিছ অলিম্পিকৰ পূৰ্বে ক্ৰ’ৱেছিয়াত হ’বলগীয়া প্ৰতিযোগিতাখন বোপন্না আৰু বালাজীৰ বাবে অন্তিমখন প্ৰতিযোগিতা হ’ব।