শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি কোকৰাঝাৰ জিলাৰ দোতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক কেন্দ্রীয় অভিৱৰ্তন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বড়োলেণ্ড অঞ্চলৰ যুৱক-যুৱতীসকলৰ সৱলীকৰণ আৰু বিকশিত ভাৰত বিষয়বস্তুৰে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এটা মত বিনিময় কাৰ্যসূচীৰো আয়োজন কৰা হয়। এই মত বিনিময় কাৰ্যসূচীত ডাঃ পেগুৱে প্রগতিশীল বিটিআৰ আৰু বিকশিত ভাৰতৰ প্ৰতি অৰিহণা আগবঢ়োৱাৰ উদ্দেশ্যে ছাত্ৰ-ছাত্ৰী তথা জনসাধাৰণৰ সামুহিক প্ৰচেষ্টাৰ প্ৰয়োজন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে।
Site Admin | March 14, 2025 8:14 PM | ABSU Convocation
এবছুৰ ৫৭ সংখ্যক কেন্দ্রীয় অভিৱৰ্তন কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্রী ডাঃ ৰণোজ পেগুৰ
