ইজৰাইলে যোৱা নিশা ইৰাণৰ পাৰমানবিক প্রকল্প, বেলিষ্টিক ক্ষেপনাস্ত্ৰ কাৰখানা আৰু জ্যেষ্ঠ সেনাবাহিনীৰ নেতাক লক্ষ্য কৰি অপ্ৰৰোচিতভাৱে আক্ৰমণ সংঘটিত কৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানাহুয়ে অনাগত কেইটামান দিনলৈকে এই আক্রমণ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে। আক্ৰমণৰ ফলত পশ্চিম এছিয়াত অনিশ্চয়তাৰ পৰিস্থিতি উদ্ভৱ হৈছে। ইজৰাইলৰ সেনাবাহিনীয়ে জানিবলৈ দিছে যে ইৰাণৰ ওপৰত ২০০খন যুঁজাৰু বিমানেৰে আক্ৰমণ কৰা হয়। ইয়াৰ প্ৰত্যুত্তৰত ইৰাণে ইজৰাইলক ১০০খন ড্ৰোণেৰে আক্ৰমণ কৰে। ইৰাণৰ ইছলামিক ৰিভলিউশ্যনেৰী গাৰ্ডৰ কামাণ্ডাৰ ইন চীফ জেনেৰেল হোছেইন ছালামী এই আক্ৰমণত নিহত হৈছে। তেওঁৰ লগতে দেশখনৰ নিৰাপত্তা বাহিনীসমূহৰ মুৰববী মহম্মদ বাঘেৰী, পাৰমানবিক শক্তি সন্থাৰ পূৰ্বৰ মুৰববী ফেৰেইডুন আববাছিকে ধৰি কেইবাগৰাকীও ক্ষমতাশালী লোক নিহত হৈছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিছে যে অপাৰেচন ৰাইজিং লায়নে প্ৰধানকৈ ইৰাণৰ প্ৰধান ইউৰেনিয়াম প্রকল্প, পাৰমানবিক বিজ্ঞানী আৰু বেলেষ্টিক ক্ষেপনাস্ত্ৰ কাৰ্যসূচীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ।
আন্তঃৰাষ্ট্ৰীয় পাৰমানবিক শক্তি সন্থাই জানিবলৈ দিছে যে এই আক্ৰমণৰ ফলত পাৰমানবিক বিকিৰণৰ পৰিমাণ বৃদ্ধি হোৱা নাই। ইৰাণৰ প্ৰতিৰক্ষা বাহিনীসমূহৰ মুখপাত্র ব্রিগেডিয়াৰ জেনেৰেল আবলফজল ছেকাৰ্টীয়ে এই আক্ৰমণৰ বাবে ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই পৰিণাম ভূগিব লাগিব বুলি সকিয়াই দিছে। ইৰাণৰ সংবাদ মাধ্যমে জানিবলৈ দিয়া অনুসৰি তেহৰাণৰ আৱাসিক অঞ্চলত আক্ৰমণ চলোৱাৰ ফলত শিশুকে ধৰি ভালেমান অসামৰিক লোক নিহত হৈছে। ইতিমধ্যে ইজৰাইলে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৈছে যে তেহৰাণ মহলে ক্ষেপনাস্ত্ৰ আৰু ড্ৰোণৰ জৰিয়তে আক্ৰমণ কৰিব পাৰে বুলি জনসাধাৰণক সাৱধান কৰি দিছে। আনহাতে, আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইৰাণে পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত দেশখনৰ আকাশমার্গ বন্ধ কৰাৰ জাননী জাৰি কৰিছে।
Site Admin | June 13, 2025 8:47 PM | Israel Attacked
ইৰাণৰ পাৰমানবিক প্রকল্প, বেলিষ্টিক ক্ষেপনাস্ত্ৰ কাৰখানা আদিত ইজৰাইলৰ আক্ৰমণ
