ইৰাণ আৰু ইজৰাইলৰ মাজৰ সংঘাত দুয়োখন দেশৰ আক্ৰমণ-প্ৰতি আক্রমণেৰে অব্যাহত আছে। আমেৰিকা আৰু ইজৰাইলে ইৰানৰ ওপৰত যুটীয়া আক্ৰমণ চলোৱাৰ পাছত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনিয়ে ইজৰাইলৰ বিৰুদ্ধে প্ৰতি আক্রমণ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয়, যে ইজৰাইলে এটা ডাঙৰ ভুল কৰিলে। ইতিমধ্যে ইৰানৰ কৰ্তৃপক্ষসমূহে আমেৰিকাই প্ৰাৰম্ভিক প্রকল্পসমূহত আক্ৰমণ সংঘটিত কৰাৰ সবিশেষ বুজ লৈ আছে। আমেৰিকাই যুঁজাৰু বিমানেৰে ইৰানৰ পাৰমাণৱিক শক্তি প্রকল্প ফৰ্দো, নাতাঞ্জ আৰু এছফাহানত আক্ৰমণ সংঘটিত কৰাৰ পাছত ইৰানৰ সংসদে সৰ্বসন্মতভাৱে জাহাজেৰে তেল আৰু গেছ পৰিবহণ কৰা হৰমুজৰ বিশ্বৰ অন্যতম জলপথটো বন্ধ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে ইৰানৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদে এই বিষয়টো সন্দৰ্ভত এতিয়ালৈকে অনুমোদন দিয়া নাই। আন্তঃৰাষ্ট্ৰীয় বজাৰত ইতিমধ্যে তেলৰ মূল্য বৃদ্ধি হৈছে। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেল তেলৰ বিনিময়ত ১০০ মার্কিন ডলাৰলৈকে তেলৰ মূল্য বৃদ্ধি হ’ব বুলি আশংকা কৰা হৈছে। উল্লেখযোগ্য যে হৰমুজ প্রণালীৰ জৰিয়তে বিশ্বৰ ২০ শতাংশ তেল আৰু প্ৰাকৃতিক গেছ আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ ৰপ্তানি কৰা হয়। ইতিমধ্যে আমেৰিকাৰ প্ৰতিৰক্ষা বাহিনীয়ে অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থা অধিক বৃদ্ধি কৰিছে। পেন্টাগনমহলে জানিবলৈ দিছে যে বিশ্বৰ শক্তি-সুৰক্ষা আৰু আর্থিক সুস্থিৰতা অব্যাহত ৰখাৰ স্বাৰ্থত এই প্ৰণালীটো মুকলি কৰাৰ বাবে বিশেষ প্ৰস্তুতি চলাইছে। ইৰানৰ বৈদেশিক মন্ত্রী আববাছ আৰাগাচিয়ে আলোচনাৰ বাবে আজি মস্কোত উপস্থিত হৈছে। আমেৰিকাই আক্ৰমণ চলোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুৰ্টিন আৰু অন্যান্য শীৰ্ষ বিষয়াৰ সৈতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টৰিয় গুটাৰেছে নিউয়র্কত থকা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত নিৰাপত্তা পৰিষদৰ এখন বিশেষ জৰুৰী বৈঠকত শান্তি স্থাপনৰ বাবে আহ্বান জনাইছে। আমেৰিকাই ইৰানৰ পাৰমানৱিক প্ৰকল্পসমূহত আক্ৰমণ চলোৱাৰ পাছত সংঘাতজৰ্জৰ পৰিস্থিতিৰ
তাৎক্ষণিকভাৱে অৱসান ঘটোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠকত ৰাছিয়া আৰু চীনে তাৎক্ষণিক আৰু নিঃচতভাৱে যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে এটা প্ৰস্তাৱ দাখিল কৰে। নিৰাপত্তা পৰিষদত ইৰানৰ প্ৰতিনিধি আমিৰ চৈয়দ ইৰাবানীয়ে কয়, যে তেহৰানে আমেৰিকাৰ আগ্ৰাসী আক্ৰমণৰ বিৰুদ্ধে প্ৰত্যুত্তৰ দিব। ৰাষ্ট্ৰসংঘৰ ইজৰাইলৰ প্ৰতিনিধি ডেনি ডেননে কয়, যে বিশ্বক সুৰক্ষিত অঞ্চল হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যেৰে আমেৰিকাই আক্ৰমণ চলাইছিল। ৰাছিয়াৰ প্ৰতিনিধি ভাছিলি নেবেনজ্যাই প্রকাশ কৰে যে আমেৰিকাই কূটনীতিৰ বিষয়ত কোনোধৰণৰ আগ্ৰহ প্ৰকাশ নকৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে বৰ্তমান ইৰানৰ নেতৃত্বৰ দেশখন পুনৰ গঢ়ি তোলাৰ সামৰ্থ নাই বুলি প্ৰশ্ন উত্থাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি ট্রাম্পে কয়, যে যদি বৰ্তমানৰ ইৰানৰ শাসনকৰ্তাৰ দেশখন গঢ়ি তোলাৰ সামৰ্থ নাই, তেতিয়া নেতৃত্বৰ পৰিৱৰ্তন হোৱা উচিত। অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী পেনী ৱঙে আমেৰিকাই ইৰানৰ ওপৰত আক্ৰমণ চলোৱাৰ সিদ্ধান্তক সমর্থন জনাইছে। তেওঁ লগতে এই পৰিস্থিতিৰ অৱসান হোৱা আৰু কূটনৈতিক বার্তালাপ আৰম্ভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।