■ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, বজালী জিলাৰ উদ্যোগত আজিৰেপৰা অহা ১২ এপ্ৰিললৈ ৪ দিনীয়া কাৰ্যসূচীৰে পাঠশালাত অসমী ব’হাগী মেলা, ২০২৫ অনুষ্ঠিত হৈছে। পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এই মেলাত জিলাখনৰ স্থানীয় মহিলা আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত থলুৱা সামগ্ৰী, বস্ত্ৰ-শিল্প, পিঠা-লাৰু তথা বিভিন্ন সুস্বাদু খাদ্য সম্ভাৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। মেলাথলীত প্ৰতিদিনে বিভিন্ন খেল-ধেমালি প্রতিযোগিতাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে বুলি আমাৰ বজালীৰ সংবাদদাতাই জানিবলৈ দিয়ে।
Site Admin | April 9, 2025 3:48 PM | Akashvani Guwahati | Bohagi Mela | Local news | Pathsala | Rangali Bihu
আজিৰেপৰা ৪ দিনীয়া কাৰ্যসূচীৰে পাঠশালাত অসমী ব’হাগী মেলা, ২০২৫
