অপাৰেচন সিন্দুৰৰ জৰিয়তে সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি ভাৰতে পাকিস্তানক ইয়াৰ দুষ্কাৰ্যৰ উপযুক্ত প্ৰত্যুত্তৰ দিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। ৰাজস্থানৰ বিকানেৰত আজি আয়োজিত এখন জনসভাত ভাষণ দি তেওঁ এইদৰে কয়। অমৃত ভাৰত আঁচনিৰ অধীনত ন-ৰূপত সজাই তোলা দেশনোক অমৃত ষ্টেচন মুকলি আৰু বিকানেৰ-মুম্বাই এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভণিৰ সৈতে সংগতি ৰাখি এই জনসভাখনৰ আয়োজন কৰা হয়। জনসভাত দিয়া ভাষণত চৰকাৰে সশস্ত্র বাহিনীসমূহক অভিযানৰ বাবে পূৰ্ণ স্বাধীনতা প্ৰদান কৰা বুলি উল্লেখ কৰি তেওঁ কয়, যে ইয়াৰ ফলত সেনা বাহিনীৰ তিনিওটা শাখাই কৌশলগতভাৱে শত্রুপক্ষক শ’লঠেকত পেলাই পাকিস্তানক পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য কৰালে। পাকিস্তানে ভাৰতৰ বিৰুদ্ধে প্রত্যক্ষ যুদ্ধত কেতিয়াও জয়লাভ কৰিব নোৱাৰে বাবেই দেশখনে সন্ত্রাসবাদক উচতনি দি ছায়া যুদ্ধত লিপ্ত হৈ আহিছে বুলি তেওঁ মত প্ৰকাশ কৰে৷ প্রধানমন্ত্রীয়ে লগতে কয়, যে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ কাপুৰুষালিৰ ঘটনাৰ পাছত দেশবাসীয়ে সন্ত্ৰাসবাদীক ধ্বংস কৰাৰ পণ লৈছে। আজিৰ অনুষ্ঠানতেই প্রধানমন্ত্ৰীয়ে দেশৰ ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৬ খন জিলাৰ ১০৩টা অমৃত ষ্টেচন ভার্চুৱেল ব্যৱস্থাৰে মুকলি কৰে। ইয়াৰ পূৰ্বে তেওঁ দেশনোকৰ কৰ্ণি মাতা মন্দিৰ দৰ্শন কৰে। প্ৰধানমন্ত্ৰীয়ে আজি বিকানেৰত ২৬ হাজাৰ কোটি ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত ভিতৰত ৰে’ল, পথ, শক্তি, জল আৰু নতুন আৰু নবীকৰণযোগ্য শক্তি খণ্ডৰ প্ৰকল্প আছে।উল্লেখযোগ্য যে প্রধানমন্ত্রীয়ে আজি মুকলি কৰা অমৃত ষ্টেচনসমূহৰ ভিতৰত অসমৰ নগাওঁ জিলাৰ হয়বৰগাওঁ ৰেল ষ্টেচনটোও আছে। এই উপলক্ষে হয়বৰগাওঁ ৰে’ল ষ্টেছনত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই অংশগ্রহণ কৰে। অমৃত ষ্টেচনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰৱেশৰ সুবিধা, যাত্ৰীৰ বাবে পদসেঁতু, দিব্যাংগৰ বাবে উপযোগী সা-সুবিধা, বিনামুলীয়া ৱাই ফাইৰ সুবিধাৰ লগতে ষ্টেচনসমূহত শ্ব’পিংমল আৰু ইণ্টাৰনেট কেফেৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি নতুনকৈ নিৰ্মাণ কৰা ষ্টেছনসমূহত স্থানীয় সংস্কৃতি প্ৰতিফলিত হোৱাকৈ বিভিন্ন প্ৰতিকৃতি আৰু আলোকচিত্ৰৰ সমাহাৰ ঘটিছে।
Site Admin | May 22, 2025 3:14 PM | Amrit Bharat Railway Station | Narendra Modi X | PMO Modi
আজি অমৃত ভাৰত আঁচনিৰ অধীনত ন-ৰূপত সজাই তোলা দেশনোক অমৃত ষ্টেচন মুকলিৰ লগতে বিকানেৰ-মুম্বাই এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভণি
