ডাউনলোড
মোবাইল এপ

android apple
signal

April 27, 2025 10:56 AM | Mohan Bhagawat

printer

অহিংসা ভাৰতৰ ধৰ্ম আৰু ইয়াৰ প্ৰমূল্যৰাজিৰ গুৰুত্বপূৰ্ণ অংশ যদিও অত্যাচাৰী আৰু উদণ্ডসকলক শিক্ষা দিয়াটোও ইয়াৰ ধৰ্মঃ মোহন ভাগৱত

অহিংসা ভাৰতৰ ধৰ্ম আৰু ইয়াৰ প্ৰমূল্যৰাজিৰ গুৰুত্বপূৰ্ণ অংশ যদিও অত্যাচাৰী আৰু উদণ্ডসকলক শিক্ষা দিয়াটোও ইয়াৰ ধৰ্ম বুলি আৰ এছ এছৰ মুৰববী মোহন ভাগৱতে মন্তব্য কৰিছে। নতুন দিল্লীত কালি দ্যা হিন্দু মেনিফেষ্টো নামৰ এখন গ্ৰন্থ উন্মোচন কৰি শ্ৰী ভাগৱতে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে ভাৰতে কেতিয়াও আনৰ ক্ষতি আৰু অসন্মান নকৰে কিন্তু কোনোবাই যদি বেয়া কৰিবলৈ সদায় তৎপৰ হৈ থাকে তেন্তে তাৰ কোনো নিৰাময় নাই। তেওঁ কয় যে অহিংসা ৰাষ্ট্ৰত নিহিত হৈ আছে। গীতায়ো অহিংসাৰ শিকনি দিয়ে যদিও অৰ্জুনেও যুদ্ধত ব্ৰতী হ’বলগীয়া হৈছিল, কিয়নো তেওঁ এনে কিছুমান লোকৰ সন্মুখীন হ’বলগীয়া হৈছিল যিসকলে অকল যুদ্ধৰ ভাষাহে বুজি পাইছিল বুলি শ্ৰীভাগৱতে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক