ডাউনলোড
মোবাইল এপ

android apple
signal

অসমৰ ১২ খন জিলাৰ ৩ লাখৰো অধিক লোক বানৰ কবলত

বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ ১২ খন জিলাৰ ৩ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। গোৱালপাৰা, লখিমপুৰ, গহপুৰ, নগাঁৱৰ কামপুৰ, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া, ডিব্ৰুগড়ৰ লগতে কাছাৰ জিলাৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে।

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি উত্তৰ-পূবৰ ৪ খন ৰাজ্য ক্রমে অসম, মণিপুৰ, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলক সাক্ষাৎ কৰি বান পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে এই চাৰিওখন ৰাজ্যত বিগত কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বান, ভূমিস্খলন আৰু খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সাক্ষাতৰ সময়ছোৱাত গৃহমন্ত্ৰীগৰাকীয়ে প্ৰত্যেকখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক ব্যক্তিগতভাৱে সাক্ষাৎ কৰি প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয়, যে উত্তৰ-পূবৰ জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে সদায়ে অটল স্থিতি গ্ৰহণ কৰি আহিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই গৃহমন্ত্রী অমিত শ্বাহৰ এই তাৎক্ষণিক প্ৰতিশ্ৰুতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে ৰাজ্যকেইখনত এন ডি আৰ এফ, এছ ডি আৰ এফকে ধৰি অগ্নিনির্বাপক বাহিনী আৰু স্থানীয় প্ৰশাসনে ২৪ ঘণ্টাই ক্ষতিগ্রস্ত লোকসকলক সহায় আৰু উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে অসম, মণিপুৰ, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ উপৰি মেঘালয়, ত্ৰিপুৰা আৰু নাগালেওতো বিগত সময়ছোৱাত হোৱা বৰষুণে ব্যাপক ক্ষয়-ক্ষতি কৰিছে। এই ৰাজ্যকেইখনত এতিয়ালৈ ২৭ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। এই ২৭ জন লোকৰ ভিতৰত অৰুণাচল প্ৰদেশত ৯ জন, মেঘালয়ত ৬ জন, অসম আৰু মিজোৰামত ৫ জনকৈ আৰু ত্ৰিপুৰা আৰু নাগালেণ্ডত এজনকৈ লোকৰ মৃত্যু হৈছে।

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি অনুসৰি পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছৰ ১৫ খন গাঁও প্লাবিত হৈছে। জিলাখনৰ ১০০ মেগাৱাট শক্তিসম্পন্ন কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পাঁচখনকৈ শুইছ গোট খুলি দিয়াৰ ফলত নামনি অঞ্চলত বানৰ সৃষ্টি হৈছে।

অবিৰত বৰষুণৰ ফলত কাছাৰ জিলাৰ জনজীৱন কাৰ্যত স্তব্ধ হৈ পৰিছে। বৰাক নদীৰ জলপৃষ্ঠই বিপদ সীমা অতিক্ৰম কৰাত বিভিন্ন অঞ্চল প্লাবিত হৈছে। জিলাখনৰ বৃহত্তৰ কাটিগড়া, উদৰবন্দৰ লগতে শিলচৰ চহৰৰ বহুকেইটা অঞ্চল জলমগ্ন হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে নদীৰ পাৰৰ কেইবাখনো শুইছ গেটৰ কপাট বন্ধ কৰি দিছে। শিলচৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰলৈ যোৱা ভি আ পি ৰোডৰ ওপৰেৰে পানী বাগৰাৰ ফলত পথছোৱা বন্ধ হৈ পৰিছে।

ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ উচ্চতা বৃদ্ধি হোৱাৰ বাবে যোৰহাট আৰু মাজুলীৰ মাজৰ ফেৰীসেৱা পৰৱৰ্তী জাননী নিদিয়ালৈকে স্থগিত ৰখা গৈছে। সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে যিকোনো সহায়ৰ বাবে জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰক জনাবলৈ যোৰহাট জিলা প্ৰশাসনে অনুৰোধ জনাইছে।

অধিক পঢ়ক

সকলো চাওক