তিনিচুকীয়া নগৰত কেইগৰাকীমান ৰাজনৈতিক নেতাৰ উদ্যোগত বিহাৰ দিৱস উদযাপন কৰাৰ বিষয়ে বাতৰি প্ৰকাশৰ পাছত উজনি অসমৰ কেইবাটাও দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰাক লৈ নগৰখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমাৰ তিনিচুকীয়াৰ সংবাদদাতাই জনোৱা মতে ঐতিহাসিক মটক ৰাজ্যৰ ৰাজধানী বেংমৰা আৰু এতিয়াৰ তিনিচুকীয়া নগৰত বিহাৰ দিৱস আয়োজন কৰাৰ যুক্তিযুক্ততা নাই বুলি সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ টাই-আহোম ছাত্ৰ সন্থা সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন আদি কেইবাটাও সংগঠনে সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰিছে। তিনিচুকীয়াত বিহাৰ দিৱস কাৰ্যসূচী বাতিল কৰা হৈছে বুলি বাতৰি প্ৰকাশিত হৈছে যদিও এই সন্দৰ্ভত উদ্যোক্তাসকলে এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। আনহাতে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসমত বিহাৰ দিৱস উদযাপনৰ বিৰোধিতা কৰাৰ কোনো যুক্তিযুক্ততা নাই বুলি মন্তব্য কৰিছে। আজি পলাশবাৰীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীয়ে কয়, যে বিভিন্ন ৰাজ্যত যদি অসম দিৱস উদযাপন কৰাত বাধা নাই, তেন্তে অসমত আন ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰাত কোনো বাধা থাকিব নোৱাৰে।
Site Admin | March 19, 2025 9:11 PM | Bihar Diwas | CMO Assam
অসমত বিহাৰ দিৱস উদযাপনৰ বিৰোধিতা কৰাৰ কোনো যুক্তিযুক্ততা নাইঃ মুখ্যমন্ত্রী
