ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 26, 2025 12:46 PM | zubeen

printer

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল

জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি কালি আছাম পাব্লিক ৱৰ্কছ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নামৰ সংগঠন দুটাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰে। জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীয়ে যুক্তি প্ৰদৰ্শন কৰিবলগীয়া এই আবেদনখনৰ অহা ১০ নৱেম্বৰত শুনানি গ্ৰহণ কৰা হ’ব। উল্লেখযোগ্য যে এই ঘটনাৰ তদন্ত বিচাৰি উচ্চ ন্যায়ালয়ত এতিয়ালৈ তিনিখন আবেদন দাখিল হৈছে। ঘটনাৰ তদন্ত বিচাৰি যোৱা বুধবাৰে এজন অধিবক্তাই দাখিল কৰা আন এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি অহা ৮ নৱেম্বৰত গ্ৰহণ কৰা হ’ব। অৱশ্যে কোনো ব্যক্তিগত স্বার্থত যদি এই আবেদনখন দাখিল কৰা হৈছে তেনেহ’লে আবেদনকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আদালতে সকীয়াই দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।