মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশেষ তদন্তকাৰী দল এছ আই টিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰিছে বুলি প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ আগত এইকথা প্ৰকাশ কৰি ড০ শৰ্মাই কয়, যে অতি সোনকালেই অভিযোগনামা আদালতত দাখিল কৰা হ’ব। এছ আই টিয়ে বৰ্তমানলৈকে ৭৫ জন ব্যক্তিৰ জবানবন্দী গ্ৰহণ কৰা বুলি তেওঁ প্ৰকাশ কৰে৷
ইপিনে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গার্গ, অমৃতপ্রভা মহন্ত, শেখৰজ্যোতি গোস্বামী, দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক কালি পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।