জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযোগনামা ৰাজহুৱা কৰাৰ অভিযোগত বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে এছ আই টিয়ে গোচৰ ৰুজু কৰিছে। এছ আই টিয়ে যোৱা ১২ ডিচেম্বৰত আদালতত দাখিল কৰা গোচৰটোৰ অভিযোগনামাৰ প্ৰতিলিপি আইন বহিঃভূতভাৱে বিধায়কগৰাকীয়ে ৰাজহুৱা কৰাৰ অভিযোগত এছ আই টিৰ মুখ্য তদন্তকাৰী বিষয়া ড০ ৰ’জী কলিতাই গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাত এজাহাৰ দাখিল কৰিছে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীৰ অপৰাধ শাখাই এটা গোচৰ ৰুজু কৰিছে। এজাহাৰকাৰীয়ে বিধায়কগৰাকীৰ বিৰুদ্ধে আইন বহিঃভূতভাৱে অভিযোগনামাৰ ব্যৱহাৰ কৰা, ভুল তথ্যৰে অভিযোগনামাৰ প্ৰচাৰ কৰা আৰু অপব্যাখ্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে। তদুপৰি বিধায়ক গগৈয়ে গোচৰটোৰ অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন কৰা হৈছে।
ইপিনে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গক কেন্দ্ৰ কৰি একাংশ ৰাজনৈতিক মহলে চলোৱা প্ৰচাৰ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এনে ধৰণৰ প্ৰচাৰ সম্পূৰ্ণ ভিত্তিহীন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গৰিমা শইকীয়া গাৰ্গৰ সৈতে কোনো ধৰণৰ নিৰ্বাচনী কথা পতা নাই বুলি উল্লেখ কৰিছে। গৰিমা গাৰ্গক ৰাজনীতিৰ সৈতে জড়িত নকৰিবলৈও তেওঁ সকলোকে আহ্বান জনাইছে।