জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে ছিংগাপুৰ আৰক্ষীৰ পৰা তিনিটা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে। এছ আই টিৰ মুৰববী মুন্নাপ্রসাদ গুপ্তাই আজি সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি কয়, যে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ অধীনত বিশেষ তদন্তকাৰী গোটে ছিংগাপুৰ আৰক্ষীৰ পৰা কিছু তথ্য বিচাৰিছিল। ইয়াৰ ভিত্তিতে ছিংগাপুৰ আৰক্ষীয়ে বিশেষ তদন্তকাৰী গোটক এই তথ্য যোগান ধৰিছে। ছিংগাপুৰৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সন্দৰ্ভত চূড়ান্ত মতামত আগবঢ়োৱা বুলিও এছ আই টিৰ মুৰববীগৰাকীয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, যে ছিংগাপুৰ বন্দৰ আৰু সামুদ্রিক কৰ্তৃপক্ষৰ পৰাও বিশেষ তদন্তকাৰী গোটে নথি লাভ কৰিছে। ইয়াৰ জৰিয়তে তদন্ত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় হ’ব বুলিও তেওঁ উল্লেখ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত সাক্ষ্য প্ৰদানৰ বাবে এইপর্যন্ত চি আই ডি কার্যালয়লৈ শতাধিক লোকক মতা হৈছে বুলি তেওঁ কয়। তদন্ত প্রক্রিয়া সময়মতে সম্পূৰ্ণ কৰি বিশেষ তদন্তকাৰী গোটে অতি সোনকালে আদালতত প্রতিবেদন দাখিল কৰিব বুলিও শ্ৰীগুপ্তাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।
Site Admin | November 1, 2025 8:01 PM | zubeen
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীৰ পৰা তিনিটা গুৰুত্বপূৰ্ণ তথ্য লাভ বিশেষ তদন্তকাৰী গোটৰ