ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 26, 2025 12:40 PM | zubeen sit

printer

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত এছ আই টিৰ অভিযান

শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ অনুসন্ধানকাৰী গোট – এছ আই টিয়ে কালি নর্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ গুৱাহাটীৰ গীতানগৰত থকা বাসভৱনৰ পৰা বহু আপত্তিজনক নথি-পত্র জব্দ কৰে। চি আই ডিয়ে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ গুৱাহাটীৰ ধীৰেণপাৰাত থকা বাসগৃহতো অভিযান চলায়। চি আই ডিৰ অভিযানৰ সময়তে মেনেজাৰজনৰ ঘৰৰ বাহিৰত উত্তেজিত একাংশ লোকে শিল নিক্ষেপ কৰাত ১৫ জনৰো অধিক আৰক্ষী আৰু চি আই ডিৰ লোক আহত হোৱাৰ লগতে দুখন বাহনো ক্ষতিগ্রস্ত হয়। আৰক্ষীয়ে উত্তেজিত জনতাক বহু কষ্ট কৰি নিয়ন্ত্ৰণ কৰে। বৰ্তমান শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহ ছীল কৰি দিয়া হৈছে। কালি এছ আই টিৰ দলে জালুকবাৰীৰ গাড়িগাঁৱত জুবিন গাৰ্গৰ বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীক কেইবাঘণ্টা ধৰি সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰে। মুখ্য অনুসন্ধানকাৰী বিষয়া ৰ’জী কলিতাই আজি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আনুষ্ঠানিকভাৱে কেতবোৰ তথ্য ৰাজহুৱা কৰাৰ সম্ভাৱনা আছে।

জুবিন গাৰ্গৰ ছিংগাপুৰৰ সাগৰত বুৰি দুৰ্ভাগ্যজনকভাৱে মৃত্যু হোৱা ঘটনা সন্দৰ্ভত এছ আই টিয়ে সেই দলৰ সৈতে ছিংগাপুৰলৈ যোৱা সকলো ব্যক্তিকে সোধা-পোছা কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয়, যে এই ঘটনাৰ সৈতে জড়িত কোনো লোকক ৰেহাই দিয়া নহ’ব। মুখ্যমন্ত্ৰীয়ে লগতে ঘটনাৰ সৈতে সম্পৰ্ক থকা যিকোনো বিশ্বাসযোগ্য তথ্য কাৰোবাৰ হাতত থাকিলে সেইসমূহ পোনপটীয়াকৈ digp-cid@assampolice.gov.in লৈ মেইল যোগে প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে। ড° শৰ্মাই এছ আই টিৰ তদন্তৰ ওপৰত ভৰষা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে। তেওঁ কয়, যে শিল্পীগৰাকীৰ মৃত্যুৰ ৰহস্য ভেদ কৰাত এছ আই টি ব্যর্থ হ’লে চি বি আইৰ দ্বাৰা তদন্ত কৰোৱা হ’ব।
000000 অসম সাহিত্য সভাই শিল্পী জুবিন গাৰ্গৰ ৰচনাৱলী প্ৰস্তুত কৰাৰ বাবে বিশেষ পদক্ষেপ লৈছে। এই ৰচনাৱলী ২০২৬ বৰ্ষত প্ৰকাশ কৰা হ’ব বুলি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে প্ৰকাশ কৰিছে। অসম সাহিত্য সভাই যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত কালি সভাপতিগৰাকীয়ে কয়, যে শিল্পীগৰাকীৰ জীৱনী প্ৰাৰম্ভিক পৰ্যায়ত অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত প্ৰকাশ কৰা হ’ব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ সঁহাৰি পালে এই সংকলন তামিল, তেলেগু, কানাড়া আৰু মালায়ালম ভাষালৈ অনুবাদ কৰা হ’ব। তেওঁ কয়, যে জুবিন গাৰ্গ কেৱল শিল্পীয়েই নাছিল, তেওঁ প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণ আৰু আত্মাৰ স্বৰূপ আছিল। শিল্পীগৰাকীৰ প্ৰতি অসমবাসীয়ে দেখুওৱা শ্ৰদ্ধা বিশ্বতেই বিৰল বুলি সভাপতিগৰাকীয়ে প্ৰকাশ কৰে।