ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 25, 2025 12:04 PM | zubeen sit

printer

আদৰৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিৰ পৰা আঁতৰোৱা হ’ল পৰিমিতা সৰকাৰৰ নাম

আদৰৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা বিশেষ অনুসন্ধানকাৰী গোট চমুকৈ এছ আই টিৰ কিছু সালসলনি কৰা হৈছে। দহজনীয়া এছ আই টিৰ পৰা পৰিমিতা সৰকাৰৰ নাম আঁতৰোৱা হৈছে। কালি এছ আই টি গঠনৰ সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামজিক মাধ্যমযোগে কয়, যে অসম আৰক্ষীয়ে কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ তদন্তৰ কাম ত্বৰান্বিত গতিৰে কৰি আছে। মুখ্যমন্ত্রী ড° শৰ্মাই কালি সন্ধিয়া অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ ১০ জনীয়া বিশেষ অনুসন্ধানকাৰী গোট গঠন কৰে। এই গোটৰ নেতৃত্বত এম পি গুপ্তা আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। শিল্পীগৰাকীৰ মৃত্যুৰ সৈতে জড়িত কোনো লোককে ৰেহাই দিয়া নহ’ব বুলিও মুখ্যমন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰে। তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সম্পন্ন হোৱা জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ সময়ত সংগ্ৰহ কৰা ভিছেৰা নতুন দিল্লীৰ কেন্দ্ৰীয় ফৰেণচিক গৱেষণাগাৰলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব বুলি প্ৰকাশ কৰে।

শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠন আৰু ব্যক্তিয়েও দাবী জনাইছে।

শিল্পীগৰাকীৰ আকস্মিক বিয়োগক সহজে মানি ল’ব নোৱৰা ৰাজ্যৰ জনসাধাৰণে বিভিন্ন ঠাইত তদন্ত বিচাৰি এজাহাৰ দাখিল কৰিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই সন্দৰ্ভত কেইবাটাও গোচৰো ৰুজু হৈছে। ইয়াৰ লগতে ৰাজ্যজুৰি শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীও অব্যাহত আছে। ছিপাঝাৰ, ইটাখোলা, জামুগুৰিহাট, বিশ্বনাথ, পুৰণি গুদাম, নলবাৰী, ৰহা, সৰ্থেবাৰী, যোৰহাট, তিনিচুকীয়া, লখিমপুৰ, ডিব্ৰুগড়, উত্তৰ গুৱাহাটী, হোজাইকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি সুৰীয়া শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাতৰি আমালৈ আহি আছে। তেওঁৰ সমাধিস্থলীত হাজাৰ হাজাৰ লোকে উজাগৰে থাকি তেওঁৰ গীত আওৰাই অহৰহ শ্রদ্ধা নিবেদন কৰিছে।

ইফালে, জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা নিজকে সাংস্কৃতিক কর্মী বুলি দাবী কৰা শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে জড়িত যিকোনো সংগঠন বা সংস্থাই ৰাজ্যখনৰ ভিতৰত কোনোধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে।