September 24, 2025 9:14 PM | zubeen sit

printer

জনতাৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে বিশেষ অনুসন্ধানকাৰী গোট গঠন

জনতাৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অসম চৰকাৰে এটা বিশেষ অনুসন্ধানকাৰী গোট চমুকৈ এছ আই টি গঠন কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি কিছু সময়ৰ পূৰ্বে সামাজিক মাধ্যম এক্সত এই বিষয়ে প্ৰকাশ কৰি কয়, যে শিল্পীগৰাকীৰ মৃত্যুৰ সৈতে জড়িত কোনো লোককে ৰেহাই দিয়া নহ’ব। মুখ্যমন্ত্রী ড০ শর্মাই আজি বিয়লি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ শীৰ্ষ বিষয়াৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকৰ পাছতে তদন্তৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানক এছ আই টি গঠনৰ নিৰ্দেশ দিয়ে। তদন্তৰ ক্ষেত্ৰত এছ আই টিয়ে সম্পূর্ণ স্বাধীনতা লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে। কালি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ সময়ত সংগ্ৰহ কৰা ভিছাৰা নতুন দিল্লীৰ কেন্দ্ৰীয় ফৰেনচিক গৱেষণাগাৰলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব বুলি তেওঁ লগতে প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ভালেসংখ্যক দল-সংগঠন আৰু ব্যক্তিয়ে দাবী জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।