September 24, 2025 10:16 PM | Beloved Zubeen Garg

printer

প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত নাম সাঙোৰ খোৱা সঞ্জীৱ নাৰায়ণৰ সংবাদমেলযোগে স্থিতি স্পষ্ট

ছিংগাপুৰত অসমবাসীৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত নাম সাঙোৰ খোৱা ৰাজ্যৰ এটা ব্যক্তিগত টেলিভিছন চেনেলৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণে আজি এখন সংবাদমেলত নিজৰ স্থিতি স্পষ্ট কৰে। শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ যিকোনো তদন্তৰ বাবে তেওঁ সাজু বুলি উল্লেখ কৰি নাৰায়ণে কয় যে এই ঘটনা সংক্রান্ত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য নহয়। তেওঁ সেই ঘটনাৰ সময়ত ছিংগাপুৰত আছিল যদিও শিল্পীগৰাকীৰ এই যাত্ৰাৰ পৰিকল্পনাৰ সৈতে জড়িত নাছিল আৰু সেই স্থানত উপস্থিত নাছিল বুলি উল্লেখ কৰে। ঘটনাৰ সম্ভেদ পোৱাৰ লগে লগে তেওঁ তালৈ গৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপৰি কেইবাগৰাকী মন্ত্ৰীক অৱগত কৰে বুলি জানিবলৈ দিয়ে। তেওঁ লগতে কাৰোবাৰ গাফিলতিত যদি শিল্পীগৰাকীৰ প্ৰাণহানি হৈছে তেনে লোকে শাস্তি পোৱা উচিত বুলি মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।