শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত আছে। চি আই ডি আৰু এছ আই টিৰ তদন্তৰ মাজতে ৰাজ্য চৰকাৰে নতুনকৈ গঠন কৰা ন্যায়িক তদন্ত আয়োগেও তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কালি চি আই ডি কার্যালয়ত পৃথকে পৃথকে জুবিন গাৰ্গৰ সহশিল্পী, বাদ্যযন্ত্রী, দেহৰক্ষী আৰু চালককে ১২ জন লোকক জেৰা কৰা হয়। তদন্তকাৰী গোটে জুবিন গাৰ্গৰ কেইবাগৰাকী প্ৰাক্তন সতীৰ্থৰো ভাষ্য গ্ৰহণ কৰে। ইয়াৰ মাজতে কেইজনমানক আদালতলৈ নি তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰা হয়।
ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ছিংগাপুৰৰ অভিযুক্ত প্রবাসী অসমীয়া সকলক এছ আই টিৰ সন্মুখত হাজিৰ হ’বলৈ দিয়া নিৰ্ধাৰিত সময়সীমা আজি শেষ হ’ব। এইপর্যন্ত ছিংগাপুৰৰ পৰা এজনো অভিযুক্ত অসমত হাজিৰ নোহোৱা বিষয়টোৱে সমগ্ৰ তদন্ত প্রক্রিয়া জটিলতাৰ মাজলৈ লৈ যোৱাৰ আশংকা কৰা হৈছে।