ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হয়। জুবিন গাৰ্গৰ স্মৃতিত নগাঁও চহৰৰ নেহৰুবালিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত হয়। জিলাখনৰ ৫০০ৰো অধিক শিক্ষানুষ্ঠান, দলসংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে মৰমৰ শিল্পীগৰাকীৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ লগতে সকলোৱে মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গানটো গাই শিল্পীগৰাকীক শ্রদ্ধা জনায়। আজাৰাৰ কাহিকুছি প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে প্রিয় শিল্পীগৰাকীৰ দুটিকৈ গীত পৰিৱেশন কৰি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে ।
ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ত মহানায়কৰ প্রতিধবনি শীৰ্ষক এটি অনুষ্ঠানৰ জৰিয়তে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই জুবিন গাৰ্গৰ জীৱনৰ ওপৰত আধাৰত প্ৰস্তুত কৰা এখন তথ্য চিত্র এই অনুষ্ঠানত প্ৰদৰ্শন কৰা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ জয়দেৱ গগৈয়ে জুবিনৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সকলো ছাত্ৰ-ছাত্ৰীক আগবাঢ়ি যাবলৈ আহ্বান জনায়। অধ্যক্ষ আৰু ছাত্র-ছাত্রীসকলে অনুষ্ঠানটোত জুবিন গাৰ্গৰ কেইবাটাও কালজয়ী গীত গাই শিল্পীগৰাকীক শ্ৰদ্ধা জনায়। শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ শেষত ছাত্ৰ একতা সভাৰ উদ্যোগত শিল্পীগৰাকীৰ স্মৃতিত গছপুলি ৰোপণ কৰা হয় ৷
শিল্পীগৰাকীক শ্রদ্ধা জনাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ে চলিত বৰ্ষৰ পৰাই জুবিন গাৰ্গ সোঁৱৰণী শ্রেষ্ঠ গায়ক বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত ৯ খন জিলাৰ ১৭১ খন মহাবিদ্যালয়ক সামৰি প্ৰতিবছৰে আয়োজিত কৰা আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত সংগীতৰ প্ৰতিযোগিতাত শ্রেষ্ঠ বিবেচিত হোৱা প্ৰতিযোগীগৰাকীক এই বঁটা প্ৰদান কৰা হ’ব। জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰাৰ লগতে যুৱ প্ৰজন্মক উৎসাহিত কৰিবলৈ এই বঁটা প্ৰদান কৰা হ’ব বুলি বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱালে প্ৰকাশ কৰে। এই বঁটাত নগদ ধন, চলন্ত ট্রফী আৰু বিশ্ববিদ্যালয়ৰ ছীল-মোহৰ সম্বলিত প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। শিল্পীগৰাকীৰ গীতৰ চৰ্চা অব্যাহত ৰখাৰ উদ্দেশ্যেৰে চলিত বৰ্ষৰ পৰা এই যুৱ মহোৎসৱত জুবিন সংগীতৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ’ব বুলি বিশ্ববিদ্যালয়খনৰ কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ হোজাইৰ জিলা আমছুৱে জুবিন গাৰ্গৰ এটি প্রতিমূর্তি আৰু সংগ্ৰহালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হোজাই, ডবকা বা নীলবাগানত সংগ্ৰহালয় স্থাপন কৰিবলৈ সংগঠনটোৱে আগ্রহ প্রকাশ কৰিছে। আমছুৱে ইয়াৰ বাবে হোজাইৰ জিলা আয়ুক্ত বিকাশ ভাগৱতীলৈ ভূমি বিচাৰি আৱেদন জনাইছে। আমছুৱে ভূমি আৱণ্টন হোৱাৰ লগে লগে প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম নিজাববীয়াকৈ আৰম্ভ কৰিব বুলি সংগঠনটোৰ জিলা সভাপতি কবিৰ আহমেদ লস্কৰে বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে।