ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 20, 2025 9:29 PM | zubeen

printer

জুবিন গাৰ্গৰ অকাল বিয়োগৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাসমূহ স্থগিত ঘোষণা

জুবিন গাৰ্গৰ অকাল বিয়োগৰ পৰিপ্ৰেক্ষিতত অসম লোকসেৱা আয়োগে কাইলৈ আৰু পৰহিলৈ হ’বলগীয়া পৰীক্ষা স্থগিত ৰাখিছে। আয়োগে প্রকাশ কৰা মতে, কাইলৈ হ’বলগীয়া মীন বিভাগৰ অধীনৰ কনিষ্ঠ অভিযন্তা পদৰ পৰীক্ষা স্থগিত ৰখা হৈছে। একেদৰে, পৰহিলৈ হ’বলগীয়া কৃষি বিভাগৰ অধীনৰ কৃষি উন্নয়ন বিষয়া পদৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া ২৫ আৰু ২৬ ছেপ্তেম্বৰলৈ পিছুৱাই দিয়া হৈছে। মীন বিভাগৰ অধীনৰ কনিষ্ঠ অভিযন্তা পদৰ পৰীক্ষাৰ দিন পৰৱৰ্তী পৰ্যায়ত ঘোষণা কৰা হ’ব । শিল্পীগৰাকীৰ বিয়োগত ৰাজ্যিক শোক ঘোষণা কৰালৈ চাই সেৱা সপ্তাহ উপলক্ষে গ্ৰন্থবৰ্ষ, ২০২৫-ৰ সৈতে সংগতি ৰাখি প্ৰদান কৰিবলগীয়া যুৱ লেখক সন্মানৰ কাৰ্যসূচী স্থগিত ৰখা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে পৰৱৰ্তী সময়ত এই অনুষ্ঠানৰ সময় নিৰ্ধাৰণ কৰা হ’ব বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে কাইলৈ হ’বলগীয়া বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিক মূল্যয়ন পৰীক্ষা এফ এল এন এ টি স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। ৪ লাখ ৭০ হাজাৰ প্রাপ্তবয়স্ক শিক্ষার্থীয়ে অংশ ল’বলগীয়া এই মূল্যায়ন পৰীক্ষা অহা ১২ অক্টোবৰত অনুষ্ঠিত হ’ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। সেৱা সপ্তাহৰ অধীনত প্ৰয়োজনীয় সেৱাৰ কাৰ্যসূচী চলি থাকিব যদিও আনুষ্ঠানিক তথা অন্যান্য লাভ বিতৰণৰ অনুষ্ঠানসমূহ স্থগিত ৰখা হ’ব। ৰাজ্যৰ বিদ্যালয়সমূহত আজিৰে পৰা হ’বলগীয়া ছমহীয়া পৰীক্ষাও পিছুৱাই দিয়া হয়। শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া নোহোৱা পৰ্যন্ত পৰীক্ষা পিছুৱাই দিবলৈ বিদ্যালয়ৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়াক নির্দেশ দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।