জনতাৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ অকাল দেহাৱসানত সমগ্ৰ ৰাজ্য শোকস্তব্ধ হৈ পৰিছে। কালি এই পীড়াদায়ক বাতৰি পোৱাৰ পাছৰে পৰা অগণন লোক স্বতঃস্ফূর্তভাৱে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পথসমূহত সমবেত হয়। ম্রিয়মান জনতাই শিল্পীগৰাকীৰ কালজয়ী গীতসমূহ কণ্ঠত আওঁৰাই তেওঁৰ প্ৰতি আজিও ৰাজ্যৰ প্ৰান্তে প্রান্তে শ্রদ্ধা নিবেদিছে। শিশুৰ পৰা বৃদ্ধলৈ প্ৰতিগৰাকী অনুৰাগী শোকাহত আৰু স্তম্ভিত। গুৱাহাটী মহানগৰীৰ প্ৰতিটো প্ৰান্তত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হৈছে। গণেশগুৰিৰ উৰণ সেতুৰ তলত, লতাশিল, চানমাৰিকে ধৰি প্ৰতিটো ৰাজহুৱা স্থানৰ উপৰি কাৰ্যালয় আৰু ব্যক্তিগতভাৱেও সকলোৱে শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধা জনাইছে। কালি ওৰে নিশা জুবিন গাৰ্গৰ কাহিলিপাৰাৰ বাসগৃহ চৌহদত অগণন গুণমুগ্ধই ভিৰ কৰে। ৰাজ্যৰ প্ৰতিখন জিলাত আজি বিভিন্ন দল-সংগঠন, শিক্ষানুষ্ঠান, অনুষ্ঠান-প্রতিষ্ঠান আদিয়ে শিল্পীগৰাকীৰ প্ৰতি সন্মানার্থে সমদলৰ আয়োজন কৰে। মহানগৰীকে ধৰি ৰাজ্যৰ প্ৰতিখন জিলাত আজি অঘোষিত বন্ধসদৃশ পৰিবেশৰ সৃষ্টি হয়। অসামান্য প্ৰতিভাৰ অধিকাৰী, দৰদী শিল্পীগৰাকীৰ বিয়োগত কাতৰ হৈ পৰা জনসাধাৰণে স্বতঃস্ফুর্তভাৱে নিজৰ ব্যৱসায়িক প্রতিষ্ঠান, দোকান-পোহাৰ আদি বন্ধ কৰি ৰাজপথলৈ ওলাই আহি শিল্পীগৰাকীৰ সোঁৱৰণী যাত্ৰাৰ অংশীদাৰ হৈ পৰে। বিভিন্ন জিলাৰ প্ৰশাসনসমূহৰ উদ্যোগতো আজি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য তর্পণ কৰা হয়। যোৰহাট, হোজাই, ডিব্ৰুগড়, তিনিচুকীয়া, নগাঁৱৰ লগতে প্রায় আটাইবোৰ জিলা প্রশাসনে আজি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে জ্যোতি বাটচৰাত সমবেত হৈ শিল্পীগৰাকীক শ্রদ্ধা জনায়। জিলাখনৰ বিভিন্ন অঞ্চলত সমদল উলিয়াই তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয়। যোৰহাট জিলা কেন্দ্ৰীয় পূজা সমন্বয়ৰক্ষী সমিতিয়ে শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই কাইলৈ হ’বলগীয়া মহালয়াৰ অনুষ্ঠান তথা শোভাযাত্রা বাতিল কৰিছে। সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ বিভিন্ন স্থানতো শিল্পীগৰাকীৰ প্ৰতি ৰাইজে শ্রদ্ধা নিবেদন কৰে। ঐতিহাসিক নতুন চামগুৰি সত্ৰৰ সংগীত কলাকেন্দ্ৰত আজি এটা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই কালিৰে পৰা সত্ৰখনত মুখাশিল্প নিৰ্মাণৰ কাম স্থগিত ৰাখিছে। শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন নকৰালৈকে মুখা নিৰ্মাণৰ কাম বন্ধ ৰাখিব বুলি সত্ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। ৰাজ্যৰ লগতে দেশৰ বিভিন্ন ৰাজনৈতিক দল-সংগঠনৰ শীৰ্ষ নেতাসকলেও শিল্পীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শ্রদ্ধা জ্ঞাপন কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়েও গভীৰ শোক প্ৰকাশ কৰে। শিল্পীগৰাকীৰ বিয়োগত এ আই ইউ ডি এফ দলে গভীৰ শোক প্ৰকাশ কৰিছে। দেশৰ কেইবাগৰাকীও যশস্বী শিল্পীয়ে জুবিন গাৰ্গৰ বিয়োগত মর্মাহত বুলি সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে। বিশ্বপ্ৰসিদ্ধ সংগীত পৰিচালক এ আৰ ৰহমান, জনপ্রিয় কণ্ঠশিল্পী ছান, আমান মালিক, অৰিজিত সিং আৰু অনুপ জলোটাকে ধৰি অসংখ্যজনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। আকাশবাণী গুৱাহাটীৰ চৌহদতো প্ৰাণৰ শিল্পীগৰাকীক গীতে-মাতে সোঁৱৰণ কৰা হয় ৷
Site Admin | September 20, 2025 9:24 PM | zubeen
জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল দেহাৱসানত শোকস্তব্ধ সমগ্ৰ ৰাজ্য
