জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছ আই টিয়ে প্রয়াত শিল্পীগৰাকীৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত বিভিন্নজনক সোধাপোছা কৰি ভাষ্য গ্ৰহণ কৰি আহিছে। আজি বিশেষ তদন্তকাৰী গোটটোৱে জুবিন গাৰ্গে পাতি লোৱা ভাতৃ অৰুণ গাৰ্গৰ ভাষ্য গ্ৰহণ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সাতোজনৰে শীঘ্ৰে আৰক্ষীৰ জিম্মাৰ ম্যাদৰ অন্ত পৰিব। এক অক্টোবৰত গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা বৰ্তমানো আৰক্ষীৰ জিম্মাত আছে। আনহাতে ৮ অক্টোবৰত গ্ৰেপ্তাৰ হোৱা সন্দীপন গাৰ্গৰো আৰক্ষীৰ জিম্মা পৰহিলৈ অন্ত পৰিব। একেদৰে ১০ অক্টোবৰত গ্ৰেপ্তাৰ হৈ পাঁচদিনৰ আৰক্ষীৰ জিম্মাত থকা জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰো পৰহিলৈ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰিব। তিনি অক্টোবৰত গ্ৰেপ্তাৰ হোৱা শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ ১৪ দিনৰ আৰক্ষী জিম্মাৰ ম্যাদ ১৬ অক্টোবৰত অন্ত পৰিব। আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ লগে লগে আটাইকে ন্যায়িক জিম্মা তথা কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব। অৱশ্যে কোন কাৰাগাৰত ৰখা হ’ব সেই বিষয়ে এতিয়াও প্ৰকাশ কৰা নাই ৷ আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত য়’টত থকা ছিংগাপুৰৰ কেইবাগৰাকীও প্রবাসী অসমীয়াই সোনকালেই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। তেওঁ জনোৱা অনুসৰি এছ আই টিৰ চমনৰ পাছতে কেইবাগৰাকীও প্রবাসী অসমীয়াই ইতিবাচক সঁহাৰি জনাইছে। ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো গুৰুত্ব সহকাৰে লৈ তদন্ত চলাই আছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সোঁৱৰণ কৰি ধেমাজি জিলাৰ গোগামুখত আজি শিল্পীজনৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয়। আদ্যশ্রাদ্ধত বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধর্ম-বর্ণ নির্বিশেষে অজস্ৰজনে শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। সৰ্বধৰ্ম প্ৰাৰ্থনাৰে আৰম্ভ হোৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানতে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি হাজাৰৰো অধিক লোকে ৰাজহুৱা স্বাক্ষৰ কৰি দোষীক অনতিপলমে শাস্তিৰ দাবী জনায়। একেটা অনুষ্ঠানতে গোগামুখবাসীৰ মাজত এহেজাৰ ২০০ নাহৰ পুলি বিতৰণ কৰা হয়। শিক্ষামন্ত্ৰী তথা ধেমাজিৰ বিধায়ক ৰণোজ পেগুৱে নাহৰ পুলি ৰোপণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। একেদৰে শিৱসাগৰ জুবিন গার্গ ফেন ক্লাবে জয়সাগৰত নাহৰ হাবিৰ সৃষ্টি কৰাৰ এক বিশেষ প্ৰয়াস গ্রহণ কৰিছে। পৰিৱেশ সংৰক্ষণ আৰু জুবিন গাৰ্গৰ সপোন বাস্তৱায়িত কাৰাৰ বাবে জুবিন গাৰ্গ ফেন ক্লাবৰ সদস্য আৰু বহু উৎসাহী লোকে একেলগে জয়সাগৰত ২০০ নাহৰ গছৰ পুলি ৰোপণ কৰে।
Site Admin | October 12, 2025 6:48 PM
জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছ আই টিৰ শিল্পীগৰাকীৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত বিভিন্নজনক সোধাপোছা