কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি গ্রহণ কৰা হ’ব। অভিযুক্ত পক্ষক অভিযোগনামাৰ প্ৰতিলিপি প্ৰদানৰ বাবে এছ আই টিৰ দল বাক্সা আৰু হাফলঙলৈ ৰাওনা হৈছে। এই প্রতিলিপি তেওঁলোকে লাভ কৰাৰ পাছতেই সাতোগৰাকী অভিযুক্তক আজি আদালতত ভার্চুৱেলী হাজিৰ কৰোৱা হ’ব। উল্লেখযোগ্য যে আদালতে এই গোচৰৰ অভিযোগনামা গ্রহণ কৰি অভিযুক্তকেইজনক সোঁশৰীৰে আদালতত হাজিৰ কৰেৱৰ নিৰ্দেশ দিছিল যদিও আইন শৃংখলাজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক তেনেদৰে হাজিৰ কৰোৱাত অসুবিধা আছে বুলি অসম আৰক্ষীয়ে আদালতত লিখিতভাবে প্রকাশ কৰে। অভিযুক্তকেইজনক ভার্চুবেল আদালতত হাজিৰ কৰোৱাৰ অনুমতি বিচাৰি আৰক্ষীয়ে আবেদন দাখিল কৰে। এই মর্মে তেওঁলোকক আজি ভার্চুৱেলী হাজিৰ কৰোৱা হ’ব। চৰকাৰী পক্ষৰ অধিবক্তা প্ৰদীপ কোঁৱৰে প্ৰকাশ কৰা মতে আজি অভিযুক্তসকলৰ মতামত গ্রহণ নকৰে বৰং স্বাস্থ্যজনিত দিশবোৰ নিৰীক্ষণ কৰিব। তেওঁলোকক আদালতত হাজিৰ কৰোৱাৰ পৰৱৰ্তী তাৰিখো আজি নিৰ্ধাৰণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। ইতিমধ্যে কামৰূপ মহানগৰ জিলাৰ আইন সেৱা প্ৰাধিকাৰীয়ে অভিযুক্তসকলৰ বাবে এজন অধিবক্তা নিযুক্তি দিছে যদিও তেওঁ শুনানিত অংশ ল’ব নে নাই সেয়া নিশ্চিত হোৱা নাই।
উল্লেখযোগ্য যে আদালতৰ নিয়ম অনুসৰি প্ৰথমটো শুনানিৰ পূৰ্বে আটাইকেইগৰাকী অভিযুক্তক আদালতত অভিযোগনামাৰ প্ৰতিলিপি দিয়া হয়। বাক্সাৰ নিকাছী কাৰাগাৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধার্থ শর্মা, শ্যামকানু মহন্ত, সন্দীপন গাৰ্গৰ লগতে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৈশ্যক ৰখা হৈছে। আনহাতে, আন দুজন অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্ত হাফলঙৰ কাৰাগাৰত আছে।