October 15, 2025 7:00 PM | zubeen-baksa-jail

printer

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্ত ৫জনক বাক্সাৰ কাৰাগাৰলৈ নিয়াৰ সময়ত উত্তপ্ত পৰিস্থিতি

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক  বাক্সাৰ কাৰাগাৰলৈ নিয়াৰ সময়ত আজি স্থানীয় লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উত্তেজিত লোকসকলে আৰক্ষীলৈ লক্ষ্য কৰি শিল দলিওৱাৰ উপৰি আৰক্ষী আৰু সংবাদ মাধ্যমৰ কেইবাখনো বাহনত অগ্নিসংযোগ কৰে। আটাইকেইজন অভিযুক্তক কাৰাগাৰৰ বাহিৰলৈ উলিয়াই দিয়াৰ দাবী জনাই ভালেসংখ্যক লোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয়। ইপিনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাৰ সময়ত এজন লোক গুলীবিদ্ধ হোৱাৰ বাতৰি পোৱা গৈছে। প্ৰতিবাদকাৰীৰ আক্ৰমণত মহিলা আৰক্ষীসহ কেইবাজনো জোৱান আৰু সাংবাদিক আহত হৈছে। স্থানীয় আৰক্ষী প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱৰাত দৰং, বৰপেটা আৰু নলবাৰীৰ পৰা অতিৰিক্ত নিৰাপত্তাৰক্ষীৰ দলৰ লগতে অৰ্ধসামৰিক বাহিনী প্ৰেৰণ কৰা হৈছে। গুৱাহাটীৰ পৰা গৃহ বিভাগৰ শীৰ্ষ বিষয়াৰ এটা দলো ঘটনাস্থলীলৈ ইতিমধ্যে ৰাওনা হৈছে। প্ৰতিবাদকাৰীসকলে ঘটনাস্থলীলৈ ৰাওনা হোৱা আৰক্ষী বিষয়াক ঘটনাস্থলীৰ কিছু দূৰৈত আৱদ্ধ কৰি ৰখাৰো বাতৰি আহিছে। পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত বাক্সা জিলাত সান্ধ্য আইন জাৰি কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।