ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 9, 2025 9:12 PM | Zubeen Garg Death

printer

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে কেইবাজনো লোকক সোধা-পোছা বিশেষ তদন্তকাৰী দলৰ

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দলে আজি উলুবাৰীস্থিত চি আই ডিৰ কাৰ্যালয়ত কেইবাজনো লোকক সোধা-পোছা কৰে। শিল্পীগৰাকীৰ ব্যক্তিগত সুৰক্ষা বিষয়া পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক আজি পুনৰ সোধা-পোছা কৰা হয়। উল্লেখযোগ্য যে চৰকাৰীভাৱে নিয়োজিত দুয়োগৰাকী বিষয়াকে সন্দেহজনক লেন-দেনৰ অভিযোগত নিলম্বন কৰা হৈছে। তদুপৰি জুবিন গাৰ্গৰ শব্দযন্ত্ৰী দিগন্ত শৰ্মা আৰু ব্যৱসায়ৰ সহযোগী বংকিম ৰায়মেধিৰো আজি এছ আই টিয়ে ভাষ্য গ্রহণ কৰে। উল্লেখযোগ্য ছিংগাপুৰত এই ঘটনাৰ সময়ত তাত উপস্থিত থকা ১০গৰাকী প্রবাসী অসমীয়াক শীঘ্ৰেই হাজিৰ হবলৈ অসম আৰক্ষীয়ে চমন জাৰি কৰিছে। অসম সাহিত্য সভাৰ সভাপতি ৬০ বসন্ত কুমাৰ গোস্বামীয়ে তদন্ত নিয়াৰিকৈ হোৱাৰ স্বাৰ্থত এই প্রবাসী অসমীয়াসকলক অসমলৈ পঠিওৱাৰ বাবে ছিংগাপুৰ শাখা সাহিত্য সভাক দায়িত্ব ল’বলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।